নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ পুনেৰ ক’ভিড–১৯ কেয়াৰ চেণ্টাৰৰ পৰা সংকটজনক অৱস্থাত এজন বৃদ্ধ ক’ৰোনা ৰোগীক এজন চিকিৎসকে এম্বুলেঞ্চৰ চালক হৈ চিকিৎসালয়লৈ কঢ়িয়াই নিয়া সেৱাক ছ’চিয়েল মিডিয়াত ভূয়সী প্রশংসা কৰিছে৷ পুনেৰ ৩০ বছৰীয়া ডাঃ ৰঞ্জিত নিকম নামৰ চিকিৎসকজন এগৰাকী প্রকৃত নায়ক ‘ক’ভিড যোদ্ধা’ হিচাপে প্রশংসিত হৈছে৷
ঘটনাৰ বিৱৰণী মতে, কেয়াৰ চেণ্টাৰত থকা বৃদ্ধ ক’ৰোনা ৰোগীজন হঠাতে সংকটজনক অৱস্থালৈ পর্যবসিত হয়৷ এম্বুলেঞ্চত ৰোগীজনক উঠাই লোৱাৰ পাছতে দুর্ভাগ্যবশতঃ চালকজন অসুস্থ হৈ পৰে৷ এনে সময়তে আন এজন চালকৰ প্রতি অপেক্ষা নকৰি চিকিৎসকজনেই নিজে এম্বুলেঞ্চখন চলাই ৰোগীজনক হাস্পতাললৈ লৈ যায়৷
উল্লেখ্য যে পুনেৰ কেয়াৰ চেণ্টাৰত ৭৩ বছৰীয়া ৰোগীজন ডাঃ নিকমৰ নিৰীক্ষণতে আছিল৷ ঘটনা সন্দর্ভত চিকিৎসক নিকমে প্রকাশ কৰা মতে, জ্যেষ্ঠ চিকিৎসকৰ সৈতে পৰামর্শৰ অন্তত ৰোগীজনৰ জীৱন বচাবলৈ তেওঁ এই সিদ্ধান্ত লৈছে৷