ক’ৰোনা ভেকচিনক লৈ মোদী কেবিনেটে ল’লে বিশেষ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ ক’ৰোনা ভেকচিনক লৈ ভাৰত চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত। এই সিদ্ধান্ত অনুযায়ী এতিয়াৰে পৰা দেশত ৪৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন প্ৰদান কৰা হ’ব।
আগন্তুক ফাকুৱা উৎসৱৰ পিছতে দেশত ক’ৰোনা ভেকচিন প্ৰদানৰ কাম আৰু দ্ৰুততাৰে আগবঢ়োৱাৰ ইংগিত দিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে এখন সংবাদ মেল সম্বোধন কৰি কয় যে ভেকচিন ল’বলৈ ৰেজিষ্ট্ৰেচন কৰাৰ পিছতে প্ৰাইভেট বা চৰকাৰী স্বাস্থ্যকেন্দ্ৰত ভেকচিন ল’ব পাৰিব।
উল্লেখ্য, দেশত এতিয়ালৈ স্বাস্থ্যকৰ্মী, কৰোনা যোদ্ধা, ৬০ৰ ঊৰ্ধ্বৰ লোক আৰু গম্ভীৰ ৰোগত ভোগা ৪৫ৰ ঊৰ্ধ্বৰ লোকক এই ভেকচিন দি থকা হৈছে।
কিন্তু এতিয়া সকলো ৪৫ৰ ঊৰ্ধ্বৰ লোককে ভেকচিন প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। বৰ্তমানলৈ দেশত ৪.৮৫ কোটি লোকে ভেকচিন লোৱাৰ লগতে ৮০ লাখ লোকে ভেকচিনৰ দ্বিতীয় ডোজ লৈছে।