নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু এজন সন্ত্ৰাসবাদীক ফাঁচি, বাটলা হাউছ এনকাউণ্টাৰ কাণ্ডত দোষী আৰিজ খানক লৈ ৰায় আদালতৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ দিল্লী আদালতে আজি বাটলা হাউচ সংঘৰ্ষৰ গোচৰত দোষী সাব্যস্ত আৰিজ খানক মৃত্যুদণ্ডৰ ৰায় শুনায়।

২০০৮ চনৰ ১৯ ছেপ্টেম্বৰত সংঘটিত বাটলা হাউছ এনকাউণ্টাৰ কাণ্ডত আৰক্ষী পৰিদৰ্শক মোহন চান্দ শৰ্মাক হত্যা কৰাৰ বাবে আৰিজ খানক দোষী সাব্যস্ত কৰা হৈছিল ।

জানিব পৰা মতে, মৃত্যুৰ শাস্তি বিহাৰ বাবে আৰক্ষীয়ে আবেদন জনাইছিল আদালতত। ইণ্ডিয়ান মুজাহিদিনৰ দৰে নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত আছিল আৰিজ। আৰক্ষীৰ মতে আৰিজে কেৱল আৰক্ষীক হত্যা কৰাই নহয়, আইনী কামত কৰ্তব্যৰত এজন সৎ আৰক্ষী বিষয়াক হত্যা কৰি বিচাৰ ব্যৱস্থাকো প্ৰহসন কৰিছিল।

উল্লেখ্য, আৰিজ খান ২০০৮ৰ উক্ত কাণ্ডৰ দ্বিতীয়গৰাকী দোষী। ইয়াৰ আগেয়ে ২০১৩ চনত শ্বেফজাদ নামৰ আন এগৰাকীক দোষী সাব্যস্ত কৰি তেওঁক আজীৱন কাৰাদণ্ড দিয়া হৈছিল। উল্লেখ্য, মৃত্যুদণ্ডৰ ৰায়দানেৰে মোহন চান্দ শৰ্মাক ন্যায় প্ৰদান কৰা হৈছে বুলি মত ব্যক্ত কৰিছে দিল্লী আৰক্ষীয়ে।

উল্লেখ্য ২০০৮ চনৰ বাটলা হাউচ কাণ্ডক লৈয়ে ২০১৯ চনত নিখিল আদৱানিয়ে নিৰ্মাণ কৰিছিল ‘বাটলা হাউছ’ নামৰ চলচ্চিত্ৰখন।

You might also like