দিল্লীৰ ক’ভিড–১৯ ৰোগীৰ বাবে ৫০০ ৰে’লৰ দবা
নিয়মীয়া বাৰ্তা ১৫ জুনঃ দেশৰ ৰাজধানী মহানগৰ দিল্লীত ক’ভিড–১৯ৰ দ্রুত সংক্রমণ ঘটি থকা বিষয়টোক লৈ আজি ৰাজ্যখনৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু উপ–ৰাজ্যপাল অনিল বাইজালৰ সৈতে এক আলোচনাত মিলিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ তথা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধন৷ এই আলোচনাত দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ শিশোদিয়া, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ বিষয়ববীয়াসকল, এইমছৰ সঞ্চালক ৰণদীপ গুলেৰীয়াকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে৷ উল্লেখনীয় যে এই আলোচনাতে ৰাজধানী দিল্লীত ক’ভিড–১৯ৰ সংক্রমণৰ মোকাবিলা কৰিবলৈ এলানি ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত লোৱা হ’ল৷ গৃহমন্ত্রী অমিত শ্বাহে মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণৰ মোকাবিলা কৰাৰ ক্ষেত্রত দিল্লী চৰকাৰক সকলো সহায়ৰ প্রতিশ্রুতি দিছে৷ উল্লেখনীয় আগন্তুক এটা সপ্তাহৰ ভিতৰত ক’ভিড ৰোগীৰ বাবে দিল্লীৰ হাস্পতালসমূহত ২০ হাজাৰ নতুন বিছনাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ প্রতিখন নার্ছিং হোমত ক’ভিড ৰোগীৰ বাবে থাকিব ১০–৪৯খন পর্যন্ত বিছনা৷ সেইদৰে অমিত শ্বাহে ক’ভিড–১৯ ৰোগীৰ বিছনাৰ নাটনিৰ বিষয়টোৰ প্রতি লক্ষ্য ৰাখি দিল্লী চৰকাৰক ৰে’লৰ ৫০০ দবা যোগান ধৰাৰ প্রতিশ্রুতি দিছে৷