নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেইটামান মাহৰ ভিতৰতে নিয়ন্ত্ৰণলৈ আহিব ক’ৰোনাঃ WHOৰ প্ৰধান

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ পৃথিৱীয়ে এবছৰৰো অধিক সময় ধৰি অদৃশ্য ৰোগ ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দি আহিছে। ভেকচিনৰ ব্যৱস্থা কৰা হৈছে যদিও মহামাৰীৰ প্ৰকোপ বন্ধ হোৱা নাই।
এইক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী জেনেৰেল টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে স্পষ্ট কৰি দিয়ে যে বিশ্বজুৰি ক’ৰোনা প্ৰতিৰোধ কৰিবলৈ কেইমাহমান লাগিব।

তেওঁ লগতে বিশ্বজুৰি একেৰাহে ৭ সপ্তাহ ধৰি ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু একেৰাহে ৪ সপ্তাহ ধৰি ক’ভিডৰ বাবে মৃত্যুৰ সংখ্যা বাঢ়িছে বুলি উল্লেখ কৰে। স্বাস্থ্য সংস্থাটোৰ মুৰব্বীগৰাকীয়ে সেয়েহে সজাগ হোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে।

যোৱা সোমবাৰে এক সংবাদমেলত উপস্থিত থাকি তেওঁ এই কথা উল্লেখ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছে কয়, “আমাৰ ওচৰত কেইমাহমানৰ ভিতৰতে এই মহামাৰীটো নিয়ন্ত্ৰণলৈ অনাৰ সঁজুলি আছে, যদি আমি সেইবোৰ ধাৰাবাহিকভাৱে আৰু সমানভাৱে প্ৰয়োগ কৰোঁ।”

উক্ত মেলত ভাৰ্চুৱেলি অংশ লয় জলবায়ু কৰ্মী গ্ৰেটা থুনবাৰ্গেও। থুনবাৰ্গে সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে বিশ্বৰ উন্নত দেশত ৪গৰাকীৰ এগৰাকীয়ে ক’ৰোনা ভেকচিন লোৱাৰ বিপৰীতে দৰিদ্ৰ দেশবোৰত ৫০০গৰাকীৰ মাজত এগৰাকীয়ে কৰোনা ভেকচিন লাভ কৰাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ এয়া অনৈতিকতা বুলি উল্লেখ কৰাৰ লগতে ‘ভেকচিন জাতীয়তাবাদ’ অৰ্থাত ভেকচিনৰ সমবিতৰণত গুৰুত্ব আৰোপ কৰে।

আনহাতে তেওঁ ক’ৰোনাক লৈ অসজাগতা- অৱহেলাই ৰোগবিধৰ প্ৰসাৰ বৃদ্ধি কৰিছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে বিশ্বত ক’ৰোনা মহামাৰীৰ ফলত ইতিমধ্যে ২৯,৪৪,৫০০গৰাকীৰ মৃত্যু হোৱাৰ বিশ্বত মুঠ ১৩,৬৫,০০,৪০০ লোক মাৰাত্মক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

You might also like