নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনৰ দিনাই ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱতিলে DMK ৰ বিধায়কে

নিয়মীয়া বাৰ্তা, ১০জুনঃ আজি তামিলনাডুৰ ডিএমকে (DMK) বিধায়ক জে অনবাজাগানৰ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় । তেওঁ আজি পুৱাৰ ভাগত চেন্নাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।

তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটা বিধায়ক জে অনবাজাগানৰ বুধবাৰেই জন্মদিনো আছিল ।

উল্লেখ্য যে, ২ জুনৰ দিনা ৬১ বছৰীয়া বিধায়ক জে অনবাজাগানৰ শ্বাস-প্ৰশ্বাসত কষ্ট হোৱাত এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । সেই দিনাই বিধায়কগৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা যায় ।

ব্যক্তিগত হাস্পতালখনৰ চিকিৎসকে কয়, বিধায়ক জে অনবাজাগানৰ ক’ৰোনাৰ বাবে নিমোনিয়াত আক্ৰান্ত হয় । লগতে ভেণ্টিলেটৰত ৰাখি উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ পাছতো তেওঁক বচাব পৰা নগ’ল ।

আনহাতে, বিধায়ক জে অনবাজাগান পূৰ্বৰ পৰায়ে কিডনীৰ বেমাৰত ভুগি আছিল । তেওঁক ৩ জুনত ভেণ্টিলেটৰত ৰখা হৈছিল । তাৰপাছত বিধায়কগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হৈছিল যদিও সোমবাৰে হঠাৎ তেওঁ পুনৰ অসুস্থ হৈ পৰিছিল ।

You might also like