নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ ক’ভিড–১৯ গণ টিকাকৰণৰ প্রস্তুতি সন্দর্ভত ইতিমধ্যে ঘোষণা কৰাৰ পাছত কালি কেন্দ্রীয় চৰকাৰে এই গণ টিকাকৰণৰ নির্দেশনা আনুষ্ঠানিকভাৱে মুকলি কৰিছে৷ দেশত চূড়ান্ত পৰীক্ষণ চলি থকা অগ্রণী ক’ভিড–১৯ ভেকচিন প্রয়োগৰ বাবে সাজু হ’লেই দেশজুৰি গণ টিকাকৰণ আৰম্ভ কৰিব৷ এই অভিযান সন্দর্ভত কেন্দ্রীয় চৰকাৰে বিতং নির্দেশনা জাৰি কৰিছে৷ এই অভিযানৰ প্রথম পর্যায়ত প্রায় ৩০ কোটি লোকক সাঙুৰি ল’ব৷ এই ৩০ কোটিৰ ভিতৰত স্বাস্থ্যকর্মী, ক’ভিড অগ্রণী যোদ্ধা, ৫০ বছৰ ঊর্ধ্বৰ লোক তথা কেইবাটাও বেমাৰত আক্রান্ত ৫০ অনূর্ধ্বৰ লোকক সাঙুৰি লোৱা হ’ব৷ প্রতিদিনে এই টিকাকৰণত প্রথম সপ্তাহত ১০০ৰ পৰা ২০০ লোকক ভেকচিন প্রদান কৰা হ’ব৷
ভেকচিন প্রদান কৰাৰ পাছত লোকজনক ৩০ মিনিট নিৰীক্ষণ কৰা হ’ব৷ ভেকচিন প্রদান কৰা দলটো পাঁচজনীয়া সদস্যৰ হ’ব৷ আগ্রহীসকলে টিকাকৰণ কেন্দ্রত আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব৷ এই সময়ত ভেকচিন লওঁতাৰ ফটো পৰিচয় পত্রৰ প্রয়োজন হ’ব৷ ভোটাৰ আইডি, আধাৰ কার্ড, চালকৰ অনুজ্ঞা পত্র, পাছপ’ট, পেন্সনৰ তথ্যসহ ১২বিধ ফটো পৰিচয় পত্রৰ ভিতৰত যিকোনো এখন ভেকচিন লওঁতাই দেখুৱাব লাগিব৷ কেন্দ্রীয় চৰকাৰে এই নির্দেশনাযোগে ৰাজ্য চৰকাৰসমূহক সম্ভাব্য সকলো ব্যৱস্থা গ্রহণ কৰাৰ অনুমতি দিছে৷
লগতে পঢ়কঃ অসমত পুৰুষৰ তুলনাত অধিক মহিলাৰ সংখ্যা
উল্লেখ্য যে পূর্বে পঞ্জীয়ন নকৰাকৈ কোনো লোকে টিকাকৰণ কেন্দ্রলৈ গৈ প্রত্যক্ষভাৱে ভেকচিন ল’ব নোৱাৰিব৷ ভেকচিন প্রদান কৰা কেন্দ্রসমূহত সকলো লজিষ্টিক সুবিধা প্রয়োজনীয়৷ ভেকচিন ল’বলৈ অহা লোকৰ জিৰণি কোঠা আৰু ভেকচিন প্রদান কৰাৰ পাছত লোকজনক নিৰীক্ষণৰ বাবে নিৰীক্ষণ কোঠা থাকিব লাগিব৷ টিকাকৰণ কেন্দ্রত ভিৰ নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত কর্তৃপক্ষ অধিক কঠোৰ হ’ব লাগিব৷
উল্লেখ্য যে জানুৱাৰী মাহত এই গণ টিকাকৰণ অভিযান দেশজুৰি চলোৱাৰ সম্ভাৱনা আছে৷ দেশত এতিয়ালৈকে তিনিটা থলুৱা ভেকচিন আৰু পাঁচটা বিদেশী ভেকচিনৰ পৰীক্ষণ চলি আছে৷ এই থলুৱা ভেকচিনকেইটাক প্রাধান্য দিয়া হ’ব বুলি ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিছে৷ ১৩০ কোটি জনসংখ্যাৰ দেশখনত গণ টিকাকৰণ শীঘ্রেই আৰম্ভ কৰাটো প্রয়োজনীয় আৰু অতি গুৰুত্বপূর্ণ বুলিও ভেকচিন প্রস্তুতকর্তা ঔষধ কোম্পানীসমূহে বাৰম্বাৰ মন্তব্য কৰি আহিছে৷
মন কৰিবলগীয়া যে গ্রেট ব্রিটেইন, আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি ছখন দেশত ফাইজাৰ–বায়’এন টেক ভেকচিনৰ গণ টিকাকৰণ আৰম্ভ হৈছে৷ আজি এছিয়াৰ প্রথম দেশ হিচাপে ছিংগাপুৰেও এই ভেকচিনটো প্রয়োগত অনুমতি দিছে৷