নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ সমান্তৰালকৈ ৰাজনৈতিক প্রত্যহ্বান ল’বলৈ সাজু থাকৰে

বিৰোধীৰ বিৰুদ্ধে সৰৱ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ  মহাৰাষ্ট্রত নৌসেনাৰ প্রাক্তন বিষয়া মদন শর্মাৰ ওপৰত চলা আতিশয্য আৰু অভিনেত্রী কংগনা ৰানাৱতৰ মুম্বাইস্থিত কার্যালয় বি এম চিয়ে ভঙা ঘটনাক কেন্দ্র কৰি উদ্ধৱ থাকৰে চৰকাৰ বিভিন্ন মহলৰ সমালোচনাৰ সন্মুখীন হৈছে৷ বিৰোধী পক্ষই শিৱসেনাৰ মুৰব্বী তথা মুখ্যমন্ত্রী উদ্ধৱ থাকৰেক সমালোচনা কৰি থকাৰ সময়তে দেওবাৰে থাকৰেই উল্লেখ কৰিছে যে মহাৰাষ্ট্রৰ সন্মান হানি কৰিবলৈ এতিয়া ষড়যন্ত্র চলিছে৷ ৰাজ্যখনৰ চৰকাৰে বর্তমান ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজ কৰি যোৱা বুলি উল্লেখ কৰি থাকৰেই কয় যে ৰাজনৈতিক ধুমুহা আহিলেও তাৰ বিৰুদ্ধে যুঁজ দিবলৈ চৰকাৰ সাজু৷ টেলিভিছনযোগে ৰাজ্যখনৰ জনসাধাৰণক সম্বোধি দিয়া ভাষণত থাকৰেই যিকোনো ষড়যন্ত্রৰ মোকাবিলা কৰিবলৈ চৰকাৰ সাজু বুলি ঘোষণা কৰাৰ পিছতে বিৰোধী পক্ষই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ স্মর্তব্য যে মহাৰাষ্ট্রত কালিৰ দিনটোত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যাই ১০ লাখ অতিক্রম কৰিছে৷ দেশৰ ভিতৰতে ক’ভিড–১৯ মহামাৰীত আটাইতকৈ আক্রান্ত ৰাজ্য হিচাপে চিহ্ণিত হৈছে মহাৰাষ্ট্র৷

You might also like