নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

COVID-19, ভাৰতত ২৪ ঘণ্টাত ৭ সহস্রাধিক লোক আক্রান্ত

নিয়মীয়া বাৰ্তা,৩০ মেঃ লকডাউন–৫ৰ প্রাক্মুহূর্তত কেন্দ্রই শিথিলতাৰ কি পদক্ষেপ ল’ব, তাক লৈ চিন্তা–চর্চাৰ মাজতে দেশত হোৰাহোৰে বৃদ্ধি পাই আছে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা৷ যোৱা ২৪ ঘণ্টাত ৭ হাজাৰৰো অধিক লোক নতুনকৈ আক্রান্ত হোৱাৰ লগতে মৃত্যু হৈছে প্রায় ২৬০ ক’ৰোনা আক্রান্ত ৰোগীৰ৷ লক্ষণীয় যে ভাৰতত আক্রান্তৰ সংখ্যা দুগুণ হৈছে মাত্র দুসপ্তাহৰ ভিতৰতে৷ ইতিমধ্যে আক্রান্তৰ সংখ্যাৰে নৱম স্থানলৈ উন্নীত হোৱা দেশখনত ৰোগীৰ হাৰ বৃদ্ধি চিন্তনীয় কাৰণ হৈ পৰিছে৷ উল্লেখ্য যে শুকুৰবাৰে মহাৰাষ্ট্রত আঢ়ৈ হাজাৰৰো অধিক লোক আক্রান্ত হয়৷ দেশৰ ভিতৰত সর্বাধিক ক’ভিড ৰোগী থকা ৰাজ্যখনত আজি ১১৬জন আক্রান্ত লোকে প্রাণ হেৰুৱায়৷ মহাৰাষ্ট্রত আক্রান্ত লোকৰ সংখ্যাই ৬২ হাজাৰ অতিক্রম কৰিছে৷ ইয়াৰে প্রায় ৩৭ হাজাৰেই আক্রান্ত হৈছে দেশৰ বাণিজ্যিক মহানগৰী মুম্বাইত৷ ইপিনে, বিশ্বত ক’ৰোনা ভাইৰাছত মৃতকৰ সংখ্যাই ৩.৬৪ লাখ স্পর্শ কৰাৰ উপক্রম ঘটিছে৷ ২৪ ঘণ্টাৰ ভিতৰতে আক্রান্ত হৈছে ৬১,৩৭৩জন৷ শেহতীয়া তথ্য মতে, দিনটোৰ ভিতৰত ৰাছিয়াত ৮,৫৭২, আমেৰিকাত ৭,০৬৪, ভাৰতত ৭,১৮৩, চিলিত ৩,৬৯৫, মেক্সিকোত ৩,৩৭৭, পাকিস্তানত ২,৮০১ আৰু বাংলাদেশত ২,৫২৩জন লোক ক’ভিড–১৯ পজিটিভ হিচাপে ধৰা পৰিছে৷

You might also like