ক’ভিডৰ দ্বিতীয় জোৱাৰত ২৪ ঘণ্টাত আক্রান্ত ৪৬,৯৫১
ক’ৰোনাঃ দেশজুৰি জনতা সান্ধ্য আইনৰ বর্ষপূর্তি
নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি দেশজোৰা লকডাউনৰ প্রাক্মুহূর্তত দেশবাসীক সজাগ কৰাৰ বাবে ঘোষিত জনতা সান্ধ্য আইনৰ বর্ষপূর্তি হ’ল৷ এই বর্ষপূর্তিৰ ক্ষণতেই দেশবাসীৰ বাবে আন এক ভয়াৱহতা সন্মুখত থিয় দিছে৷ ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত সংক্রমণৰ মাত্রা প্রতিদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ বিগত সপ্তাহ ধৰি দেশৰ বিভিন্ন ৰাজ্যত ক’ভিড–১৯ৰ সংক্রমণ দ্রুত গতিত বৃদ্ধি হৈছে৷ প্রতিদিনেই এই আক্রান্তৰ সংখ্যা বর্ধিত হৈ গৈ আছে৷ কালিৰ তুলনাত যোৱা ২৪ ঘণ্টাত তিনি সহস্রাধিক লোক অধিক আক্রান্ত হৈ মুঠ আক্রান্ত হৈছে ৪৬,৯৫১জন৷ ইয়ে দেশৰ পৰিস্থিতি ক্রমান্বয়ে ভয়াৱহতাৰ ফালে আগবঢ়াই নি আছে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্রীক দ্বিতীয় জোৱাৰ প্রতিহত কৰাৰ বাবে নির্ণায়ক পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷ ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রত বিগত বর্ষৰ সকলো অভিলেখ ভংগ কৰি প্রতিদিনেই আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ ইয়াৰ বাবে মহাৰাষ্ট্রৰ কেইবাখনো চহৰত সপ্তাহান্তিক লকডাউন আৰু নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ সমান্তৰালকৈ ক’ভিড নির্দেশনা কঠোৰভাৱে বলৱৎ কৰা হৈছে৷ মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত ৩০ সহস্রাধিক লোক আক্রান্ত হৈছে৷ বিগত ১০ দিন ধৰি প্রতিদিনে ৰাজ্যখনত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ আনপিনে, ৰাজস্থানতো ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি হোৱাত আজিৰে পৰা আঠখন চহৰ বিশেষকৈ জয়পুৰ, উদয়পুৰ আৰু আজমীৰত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ আটাইকেইখন ৰাজ্যতে ক’ভিড–১৯ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰা হৈছে৷
শিলচৰ মেডিকেলত মৃত্যু এজনৰ, আক্রান্ত ২
বৰাক উপত্যকাতো ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ প্রাদুর্ভাৱ ঘটাৰ আশংকা কৰা হৈছে৷ কিয়নো কালি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই মাৰাত্মক ভাইৰাছত আক্রান্ত এজন ব্যক্তিৰ মৃত্যু হয়৷ তদুপৰি আন দুজন ব্যক্তি আক্রান্ত হৈছে ক’ভিড–১৯ত৷ কাছাৰ জিলাৰ উদাৰবন্দৰ দয়াপুৰ এলেকাৰ বাসিন্দা মনোহ গড় (৫০) নামৰ ব্যক্তিজন কাহ আৰু শ্বাসনলীৰ সমস্যাজনিত কাৰণত যোৱা ১৭ মার্চত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি হৈছিল৷ কিন্তু চিকিৎসাধীন অৱস্থাতে কালি তেওঁ মৃত্যুক সাবটি লয়৷