নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ তৃতীয় জোৱাৰত দেশত প্রতিদিনে আক্রান্ত হ’ব ৫ লক্ষাধিক

নিয়মীয়া বাৰ্তা ২৫ জুনঃ অধিক ভয়াৱহ হ’ব পাৰে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ৷ বিশেষজ্ঞ বিজ্ঞানীকে ধৰি শীর্ষস্থানীয় চিকিৎসকসকলে ভাৰতত ক’ভিড–১৯ৰ তৃতীয় পর্যায় অনিবার্য বুলি সকীয়নি দিয়াৰ পাছতেই এইবাৰ এই তৃতীয় জোৱাৰ অধিক ভয়াৱহ হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে আই আই টি, কানপুৰৰ এটা গৱেষকৰ দলে৷ আই আই টি, কানপুৰৰ গৱেষকে প্রকাশ কৰা মতে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰতকৈ তৃতীয় জোৱাৰত সংক্রমণৰ হাৰ বৃদ্ধি পাব৷ সংক্রমণৰ শীর্ষ পর্যায়ত এদিনত ৫ লক্ষাধিক লোক আক্রান্ত হোৱাৰ সম্ভাৱনা আছে৷

মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত এদিনত চাৰি লক্ষাধিক লোক আক্রান্তৰে বিশ্ব অভিলেখ গঢ়া ভাৰতত তৃতীয় জোৱাৰত আক্রান্তৰ সম্ভাৱনা ব্যক্ত কৰিছে আই আই টিৰ গৱেষকৰ দলে৷ গৱেষকৰ দলে প্রকাশ কৰা মতে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ তুলনাত্মক তথ্যৰ আধাৰত তৃতীয় জোৱাৰৰ সংক্রমণৰ হাৰ নির্ধাৰণ কৰা হৈছে৷ ‘ছাছছেপ্ঢিবল–ইনফেক্’ভার্ড’ চমুকৈ এছ আই আৰ মডেলৰ জৰিয়তে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰক লৈ তিনিটা স্থিতিৰ ওপৰত ব্যাখ্যা আগবঢ়াইছে গৱেষকৰ দলটোৱে৷ গৱেষকৰ দলটোৱে প্রকাশ কৰা প্রথম স্থিতি অনুসৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ স্বাভাৱিক অৱস্থালৈ উভতি অহাৰ পাছতেই নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হ’ব৷ এনে পৰিপ্রেক্ষিতত অক্টোবৰ মাহত তৃতীয় জোৱাৰ শিখৰত উঠিব৷ অৱশ্যে এই সময়ছোৱাত দ্বিতীয় জোৱাৰৰ তুলনাত কিছু হ্রাস পাই এদিনত ৩.২ লাখকৈ লোক আক্রান্ত হ’ব৷

আনপিনে দ্বিতীয় স্থিতি অনুসৰি ভাইৰাছটোৰ নতুন আৰু পৰৱর্তী প্রকৰণে ভয়াৱহ ৰূপ ধাৰণ কৰিব৷ তৃতীয় জোৱাৰ ছেপ্ঢেম্বৰৰ প্রাৰম্ভতে আৰম্ভ হ’ব আৰু ই অধিক ভয়াৱহ হ’ব৷ এই সময়ছোৱাত দ্বিতীয় জোৱাৰৰ তুলনাত সংক্রমণৰ হাৰ বৃদ্ধি হৈ এদিনত ৫ লাখতকৈ অধিক লোক আক্রান্ত হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে, গৱেষকৰ দলটোৰ তৃতীয় স্থিতি অনুসৰি প্রথম আৰু দ্বিতীয় মতৰ বিপৰীতে দ্বিতীয় জোৱাৰতকৈ সংক্রমণৰ হাৰ অধিক নিম্ন হ’ব৷ এই সময়ছোৱাত প্রতিদিনে প্রায় দুই লাখকৈ লোক আক্রান্ত হোৱাৰ সম্ভাৱন আছে৷ তৃতীয় জোৱাৰৰ ভয়াৱহতা সন্দর্ভত আই আই টি, কানপুৰৰ গৱেষকৰ দলে সম্ভাৱনা ব্যক্ত কৰিলেও তেওঁলোকৰ গৱেষণাত টিকাকৰণৰ পর্যায়টো অন্তর্ভুক্ত কৰা হোৱা নাই৷ এনে ক্ষেত্রত তেওঁলোকে প্রকাশ কৰাৰ দৰে তৃতীয় জোৱাৰৰ ভয়াৱহতাত নিশ্চয়তা নাই বুলিও ক’ব পাৰি৷ লক্ষণীয় যে বিগত ৪২ দিন ধৰি দেশত আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৫৪,০৬৯জন আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৬৮,৮৮৫জন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত মুঠ আক্রান্তৰ সংখ্যা ৩,০০,৮২,৭৭৮জন আৰু সুস্থ হোৱা লোকৰ সংখ্যা ২,৯০,৬৩,৭৪০জন৷ বর্তমান দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৬,২৭,০৫৭জন৷

আনপিনে যোৱা ২৪ ঘণ্টাত প্রাণ হেৰুৱাইছে ১,৩২১জন লোকে৷ বিগত সাত দিন ধৰি মৃতকৰ সংখ্যা এদিনত দুহাজাৰৰ তলত আছে৷ দেশত মুঠ মৃতকৰ সংখ্যা ৩,৯১,৯৮১জন৷ ইপিনে দেশজুৰি ক’ভিড–১৯ টিকাকৰণ অভিযান দ্রুতগতিত চলি থকাৰ সময়তে মহাৰাষ্ট্রত ভুৱা ভেকচিন প্রদানৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে৷ মুম্বাই আৰক্ষীয়ে আজি বোম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা তথ্যত ভুৱা ভেকচিন প্রদান কৰাৰ ভয়াৱহ ঘটনা পোহৰলৈ আহিছে৷ এই ভুৱা ভেকচিন প্রদান কৰা সংস্থাৰ বিৰুদ্ধে ইতিমধ্যে মুম্বাই আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ তথ্য মতে, মহাৰাষ্ট্রৰ ৰাজধানী মায়ানগৰী মুম্বাইত ৯ স্থানত ব্যক্তিগত সংস্থাই টিকাকৰণ শিবিৰ স্থাপন কৰি এই ভুৱা ক’ভিড ভেকচিন প্রদান কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, এই ভুৱা ভেকচিন প্রদানত জড়িত ডাঃ মনীষ ত্রিপাঠী নামৰ লোকজন পলাতক হৈ আছে৷ আনপিনে আদিত্য কলেজ অৱ আর্কিটেকচাৰৰ আশিস মিশ্র নামৰ অভিযুক্তজনক এতিয়াও আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পৰা নাই৷ মিশ্র আৰু ৰাজেশ পাণ্ডে নামৰ দুজন লোকে আদালতত জামিনৰ আবেদন জনাইছে যদিও আদালতে খাৰিজ কৰিছে৷ মুম্বাই আৰক্ষীক প্রতিনিধিত্ব কৰা মুখ্য চৰকাৰী অধিবক্তা দীপক থাকৰেই প্রকাশ কৰা মতে, ২,০৫৩জনক ভুৱা ভেকচিন প্রদান কৰা হৈছে৷ মুম্বাইৰ কান্দিবালি পশ্চিমৰ হীৰানন্দনী হেল্থ ক্লাবৰ টিকাকৰণ শিবিৰত ৩৯০জনক, পাৰেলৰ পোডাৰ এডুকেচন ছ’চাইটীৰ শিবিৰত ২০৭, বড়িভালিত ৫১৪, মালাৰ পশ্চিমত ৩০ আৰু খাৰৰ টীপ্ছ ইণ্ডাষ্ট্রীৰ কর্মচাৰী প্রায় ৩৬৫জনক ভুৱা ভেকচিন প্রদান কৰা হৈছে৷

You might also like