এদিনত আক্রান্তঃ ৭২,৩৩০ প্রাণহানি ৪৫৯জনৰ
নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ প্রতিদিনেই বর্ধিত হৈছে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ ভয়াৱহতা৷ ঘাতক ক’ভিড–১৯ৰ বিগত বর্ষৰ ভয়াৱহতাৰ ৰূপ পুনৰাবৃত্তি হ’বলৈ আগবাঢ়িছে৷ দেশত প্রতিঘণ্টাতে বৃদ্ধি পাই আছে ক’ভিড–১৯ সংক্রমণৰ মাত্রা৷ বিগত ২৪ ঘণ্টাত অর্থাৎ এদিনতে ক’ভিড–১৯ত আক্রান্ত হৈছে ৭২,৩৩০জন আৰু প্রাণ হেৰুৱাইছে ৪৫৯জনে৷ ইয়াকে লৈ দেশত মুঠ আক্রান্তৰ সংখ্যা ১.২২ কোটিৰ অধিক হোৱাৰ লগতে মৃতকৰ সংখ্যা ১,৬২,৯২৭লৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে ইতিমধ্যে দুটাকৈ ক’ভিড–১৯ গণ টিকাকৰণ অভিযান দেশত চলি থকাৰ পাছত আজি তৃতীয় পর্যায়ৰ টিকাকৰণ আৰম্ভ হৈছে৷ আজিৰে পৰা আৰম্ভ হোৱা টিকাকৰণত ৪৫ বছৰৰ ঊর্ধ্বৰ সকলো লোকক ভেকচিন প্রদানৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ টিকাকৰণ চলি থকাৰ সময়তে যোৱা ফেব্রুৱাৰীৰ পৰা দেশত আৰম্ভ হোৱা ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ মার্চৰ শেষৰ পৰা অতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে৷ কেন্দ্রীয় চৰকাৰৰ মতে বেয়াৰ পৰা শোচনীয়লৈ গৈ আছে দেশৰ পৰিস্থিতি৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, যোৱা ২৪ ঘণ্টাত ৭২,৩৩০জন আক্রান্ত হোৱাত দেশত মুঠ আক্রান্তৰ সংখ্যা ১,২২,২১,৬৬৫লৈ বৃদ্ধি পাইছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত ৪৫৯জনৰ মৃত্যু ঘটাত মুঠ মৃতকৰ সংখ্যা ১,৬২,৯২৭লৈ বৃদ্ধি পাইছে৷ গুৰুত্বপূর্ণ যে ক’ভিড–১৯ৰ প্রথম পর্যায়ত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰেও সংহাৰ ৰূপ লৈছে৷ যোৱা ২৪ ঘণ্টাত ৪০ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ২২৭জনে৷ ইয়াকে লৈ ৰাজ্যখনৰ মৃতকৰ সংখ্যা ৫৪,৬৪৯জনলৈ বৃদ্ধি পাইছে৷ তাৎপর্যপূর্ণ যে বিগত বর্ষৰ ১১ অক্টোবৰত ২৪ ঘণ্টাত ৭৪,৩৮৩জন আক্রান্ত হোৱাৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত ৭২,৩৩০জন আক্রান্ত হৈছে৷ দেশত মুঠ আক্রান্তৰ ভিতৰত এতিয়ালৈকে ১,১৪,৭৪,৬৮৩জন সুস্থ হৈ উঠিছে৷ অর্থাৎ সুস্থতাৰ হাৰ ৯৪ শতাংশ৷ আনপিনে মৃতকৰ হাৰ ১.৩৩ শতাংশ৷ কেন্দ্রীয় চৰকাৰে ইতিমধ্যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ প্রতিহত কৰাৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক নিজৰ পৰিস্থিতিৰ ওপৰত বিবেচনা কৰি স্থানীয় লক্ডাউন ঘোষণাৰ বিবেচনা কৰিবলৈ পৰামর্শ দিছে৷ সম্প্রতি মহাৰাষ্ট্রৰ কেইবাখনো প্রধান চহৰত নৈশ সান্ধ্য আইন আৰু সপ্তাহান্তিক লক্ডাউন বলৱৎ থকাৰ সমান্তৰালকৈ কর্ণাটক, মধ্যপ্রদেশ, ৰাজস্থান, গুজৰাট আদি ৰাজ্যৰ কেইবাখনো মুখ্য চহৰত নৈশ সান্ধ্য আইন বলৱৎ হৈ আছে৷ একেদৰে পঞ্জাবৰো প্রধান চহৰসমূহত নৈশ সান্ধ্য আইন বলৱৎ থকাৰ লগতে বিদ্যালয়–মহাবিদ্যাল্ বন্ধ ৰখা হৈছে৷