ক’ৰোনা প্রতিৰোধ কৰিব পাৰে ব্রাজিলৰ বিষধৰ জাৰাৰাকুচ্চু ভাইপাৰে
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ বিষধৰেই শেষত বিষমুক্তিৰ উপায় হ’ব পাৰে৷ সাপৰ বিষেৰে বিভিন্ন জটিল ৰোগৰ চিকিৎসা সম্ভৱ৷ ইতিমধ্যে তাক লৈ পৰীক্ষা হৈছে আৰু প্রমাণো পোৱা গৈছে৷ শেহতীয়াকৈ এক গৱেষণাত পোৱা গৈছে যে ক’ভিড–১৯ৰ সংক্রমণ প্রতিহত কৰিব পাৰে সাপৰ বিষে৷ ব্রাজিলৰ ছাও পাওলো বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান গৱেষকে এই বিষয়টোক লৈ গৱেষণা চলাইছে৷ তেওঁলোকে পৰীক্ষা কৰি পাইছে যে সাপৰ বিষত থকা এবিধ বিশেষ উপাদানে প্রাণীৰ কোষত ক’ৰোনাৰ সংক্রমণ হ্রাস কৰিবলৈ সক্ষম হৈছে৷
ব্রাজিলৰ এক বিশেষ প্রজাতিৰ সাপৰ বিষেৰে এই পৰীক্ষা চলোৱা হৈছে৷ বান্দৰৰ দেহৰ কোষত পৰীক্ষামূলকভাৱে প্রয়োগ কৰা হৈছিল এই বিশেষ উপাদান৷ পৰীক্ষাত প্রমাণ পোৱা গৈছে যে ইয়াৰ প্রয়োগৰ ফলত প্রাণীৰ কোষত ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রৱণতা হ্রাস পাইছে৷ সাধাৰণতে প্রাণীৰ কোষত প্রৱেশৰ পিছত নিজৰ সংখ্যা বৃদ্ধি ঘটাই সংক্রমণ দ্রুততৰ কৰে ক’ভিড–১৯ ভাইৰাছে৷ সাপৰ বিষত থকা এই উপাদান প্রয়োগৰ ফলত সংখ্যা বৃদ্ধিৰ হাৰ ৭৫ শতাংশ হ্রাস পাইছে৷ ব্রাজিলৰ এই সাপবিধৰ নাম জাৰাৰাকুচ্চু পিট ভাইপাৰ৷ ই সাধাৰণতে অতি মাৰাত্মক বিষধৰ৷ এই ভাইপাৰৰ এটা সামান্য বিষৰ উপাদানে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধত বাধাৰ সৃষ্টি কৰিছে৷ গৱেষকসকলে দাবী কৰা অনুসৰি ভৱিষ্যতে ক’ৰোনা প্রতিৰোধত এই পিট ভাইপাৰ হ’ব পাৰে অন্যতম অস্ত্র৷ এতিয়া প্রশ্ণ হৈছে ক’ভিড–১৯ প্রতিৰোধ কৰিবলৈ ভেকচিন বা অন্যান্য দৰব বাদ দি জাৰাৰাকুচ্চুৰ সন্ধানত গৱেষকসকলে ব্রাজিললৈ যাত্রা কৰিব নেকি৷