নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱতি নিশা গুলীয়াই হত্যা কৰিলে চাৰি সতীর্থক

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ ছত্তিশগড়ৰ মাওবাদী অধ্যুষিত চুকমাস্থিত চি আৰ পি এফ শিবিৰত অঘটন৷ কর্মৰত চি আৰ পি এফ জোৱানৰ মাজত এক ভাতৃঘাতী সংঘর্ষৰ লেখীয়া ঘটনাত চাৰি চি আৰ পি এফ জোৱানৰ প্রাণহানি হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হৈছে৷ আহত তিনিজনক ৰায়পুৰৰ চিকিৎসালয়লৈ হেলিকপ্ঢাৰযোগে প্রেৰণ কৰা হৈছে যদিও ইয়াৰে দুজনৰ অৱস্থা সংকটজনক৷ ঘটনা সন্দর্ভত চি আৰ পি এফে প্রকাশ কৰা মতে, ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰৰ পৰা ৪৫০ কিলোমিটাৰ নিলগৰ চুকমাৰ মাৰাইগুৰা আৰক্ষী থানাৰ অধীনৰ লিনগামপাল্লি শিবিৰত কর্মৰত চি আৰ পি এফ জোৱান এজনে আজি পুৱতিনিশা প্রায় ৪ বজাত জধে–মধে গুলীচালনা কৰাত শিবিৰত শুই থকা চাৰিজন জোৱান থিতাতে নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হৈছে৷

ঘটনাৰ বিৱৰণী মতে, ৰীতেশ ৰঞ্জন নামৰ চি আৰ পি এফ জোৱানজনে পুৱতিনিশা প্রায় ৪ বজাত তেওঁৰ দায়িত্ব পালন কৰিবলৈ আহি শুই থকা অৱস্থাত সতীর্থৰ ওপৰত নির্বিচাৰ গুলীচালনা কৰে৷ এই গুলীচালনাত চি আৰ পি এফ জোৱানজনৰ চাৰি সতীর্থই ঘটনাস্থলীতে প্রাণত্যাগ কৰাৰ বিপৰীতে তিনিজনক উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ প্রেৰণ কৰা হয়৷ সতীর্থৰ হাতত প্রাণ হেৰুওৱা চাৰি জোৱানক ধনজী, ৰাজীৱ মণ্ডল, ৰাজমণি কুমাৰ যাদৱ আৰু ধর্মেন্দ্র কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে৷ আনপিনে, আহত তিনিজনক ধনঞ্জয় কুমাৰ, ধর্মাত্মা কুমাৰ আৰু মলয় ৰঞ্জন মহাৰাণা বুলি চিনাক্ত কৰা হৈছে৷ নিহত তিনিজনৰ দুজন বিহাৰৰ আৰু এজন পশ্চিমবংগৰ বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ ইতিমধ্যে গুলীচালনা কৰা চি আৰ পি এফ জোৱান ৰঞ্জনক আৰক্ষীয়ে জিম্মাত লৈছে আৰু গুলীচালনাৰ কাৰণ সন্দর্ভত সোধা–পোছা চলাই আছে৷ প্রাৰম্ভিক তথ্যত প্রকাশ পোৱা মতে, কিছুদিন পূর্বে ব্যক্তিগত কাৰণত ৰীতেশ ৰঞ্জন আৰু সতীর্থৰ মাজত বাক–বিতণ্ডা হৈছিল৷ সেই বাক–বিতণ্ডাৰ ফলতেই আজি এই বৃহৎ অঘটন সংঘটিত হয়৷ তথ্য মতে সতীর্থক গুলীওৱা ৰীতেশ ৰঞ্জন অহা ১৩ নৱেম্বৰত ছুটী লৈ ঘৰলৈ যোৱাৰ কথা আছিল৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে এই ঘটনাত গভীৰ শোক প্রকাশ কৰি আৰক্ষী সঞ্চালক প্রধানক এই ঘটনা সন্দর্ভত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷

You might also like