নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ তেওঁ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভক্ত ‘হনুমান’। এনেদৰেই শুকুৰবাৰে নিজকে বর্ণনা কৰিলে লোক জনশক্তি পার্টিৰ(LJP) সভাপতি তথা সদ্যপ্রয়াত ৰামবিলাস পাছোৱানৰ পুত্ৰ চিৰাগ পাছোৱানে (Chirag Paswan)।
সংবাদ সংস্থা এএনআইক জনোৱা মতে, ‘‘প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কোনো ছবি মই লগাব নালাগে। তেওঁ মোৰ হৃদয়ত থাকে। ঠিক ৰামৰ প্রতি হনুমানৰ যি ভক্তি, মোৰো বুকু ফালিলে দেখিব আপোনালোকৰ একমাত্র মোদীজিকেই পাব।’’
বিহাৰ বিধানসভা নির্বাচনৰ কাউন্ট ডাউন আৰম্ভ হৈ গৈছে। আসন্ন নিৰ্বাচনৰ পূৰ্বে এনডিএ জোটৰ পৰা আতৰিছে এলজেপি। চিৰাগে জনাইছে , নীতীশ কুমারের (Nitish Kumar) জেডি(ইউ)-ৰ সৈতে আদর্শগত বিভেদ থকাৰ কাৰণে তেওঁ অহা বিধানসভা নির্বাচনত এনডিএৰ পৰা আতৰিছে। লগতে চিৰাগে স্পষ্টকৈ জনাইছে, তেওঁ বিহাৰত বিজেপি শাসিত চৰকাৰৰ পক্ষত।
#WATCH I don’t need to use PM Modi’s photos for campaigning. He lives in my heart, I am his Hanuman. If needed, I’ll tear open my chest and show it: LJP chief Chirag Paswan#BiharElections pic.twitter.com/KhVPG4w2J2
— ANI (@ANI) October 16, 2020