নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাব–হাৰিয়ানা হিমাচলত দৈনিক লোকচান ৩,৫০০ কোটি

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ দেশৰ ৰাজধানী নতুন দিল্লী সীমান্তৰ পথ অৱৰোধ কৰি কৃষক সংগঠনসমূহে চলাই থকা প্রতিবাদৰ বাবে অর্থনীতিত বৃহৎ প্রভাৱ পৰিছে৷ নতুন দিল্লীৰ লগতে অঞ্চলটোৰ বিভিন্ন স্থানলৈ যোগান ব্যৱস্থা আৰু যাতায়াতত ব্যাঘাত জন্মাত ব্যৱসায়ত বৃহৎ লোকচানৰ সন্মুখীন হৈছে৷ দেশৰ ঔদ্যোগিক সংস্থা এছ’ছামে প্রকাশ কৰা মতে কৃষকৰ প্রতিবাদ অব্যাহত থকা অঞ্চলটোৰ আন্তঃসংযোগী অর্থনীতিত প্রচণ্ড প্রভাৱ পৰিছে৷ প্রতিবাদৰ বাবেই যোগান আৰু যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মাত প্রতিদিনে ৩,০০০–৩,৫০০ কোটি টকা লোকচান হৈছে৷

এছ’ছামে এই লোকচানক লৈ উদ্বিগ্ণতা প্রকাশ কৰি শীঘ্রেই কেন্দ্রীয় চৰকাৰ আৰু কৃষক সংগঠনসমূহক সমাধানৰ আহ্বান জনাইছে৷ ঔদ্যোগিক সংস্থাটোৱে প্রকাশ কৰা মতে, পঞ্জাব–হাৰিয়ানা আৰু হিমাচল প্রদেশ কৃষি আৰু উদ্যান শস্যত সমৃদ্ধিশালী৷ ইয়াৰ লগতে অঞ্চলটোত বিভিন্ন উদ্যোগ যেনে– খাদ্য সংসাধন, বস্ত্র উদ্যোগ, যান–বাহন, কৃষি সামগ্রী আৰু তথ্য–প্রযুক্তিৰ উদ্যোগ আছে৷ ইয়াৰ উপৰি পর্যটন, বাণিজ্য, যান–বাহন আৰু আতিথ্য আদিও অন্যতম৷ কৃষকৰ আন্দোলনৰ বাবে এই আটাইবোৰ খণ্ডতে বিৰূপ প্রভাৱ পৰিছে৷

এছ’ছামৰ সচিবপ্রধান দীপক সুদে প্রকাশ কৰা মতে কৃষকৰ প্রতিবাদৰ বাবে যাতায়াত আৰু যোগান ব্যৱস্থা বিধ্বস্ত হৈছে৷ পৰিণতিত দিনে অঞ্চলটোত ৩,৫০০ কোটি টকা ব্যৱসায়ত লোকচান হৈছে৷ দেশৰ বিভিন্ন প্রান্তৰ ফলমূল আৰু শাক–পাচলিৰ খুচুৰা মূল্য বৃদ্ধি পাইছে৷ ক’ভিড–১৯ৰ প্রভাৱৰ পৰা অর্থনীতি পুনৰুদ্ধাৰ প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে এই আন্দোলনে পুনৰ অঞ্চলটোৰ অর্থনীতিত প্রভাৱ পেলাইছে৷ উল্লেখ্য যে পঞ্জাব, হাৰিয়ানা, হিমাচল প্রদেশ আৰু জম্মু–কাশ্মীৰৰ অর্থনীতি ১৮ লাখ কোটিৰ৷ প্রতিবাদৰ বাবে পথ অৱৰোধ, টোলপ্লাজা আৰু ৰে’ল যাতায়াত বন্ধ কৰাত অর্থনৈতিক কার্যকলাপত বাধা আহি পৰিছে৷

You might also like