নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ কর্ণাটকৰ কোপ্পাল জিলাৰ মিয়াপুৰা গাঁৱত এটি দলিত সম্প্রদায়ৰ দুবছৰীয়া শিশুৱে হনুমান মন্দিৰ এটাত প্রৱেশ কৰাৰ বাবে পিতৃ–মাতৃয়ে ২৩ হাজাৰ টকা জৰিমনা ভৰিব লগা হোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷
চাৰি ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা৷ দুবছৰীয়া পুত্রৰ জন্মদিনত মন্দিৰৰ বাহিৰলৈ আশীর্বাদ বিচাৰি গৈছিল দলিত পৰিয়ালটো৷ তেতিয়াই শিশু পুত্রই ভুলক্রমে মন্দিৰটোৰ ভিতৰত প্রৱেশ কৰিছিল৷ ইয়াৰ পিছতেই উচ্চবর্ণৰ লোকে পৰিয়ালটোক ২৩ হাজাৰ টকা জৰিমনা বিহে৷