নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ প্রবল বৃষ্টিপাতে দেশৰ ৰাজধানী দিল্লীৰ বিস্তীর্ণ এলেকাত জলপ্রলয়ৰ সূচনা কৰিছে৷ দিল্লী আৰু ৰাজধানী সংলগ্ণ অঞ্চলৰ বহু আৱাসিক ঠাই, বাট–পথ, অনুষ্ঠান–প্রতিষ্ঠান এতিয়া পানীৰ তলত৷ জলবন্দী হৈ পৰিছে হাজাৰ হাজাৰ লোক৷ আন কথা বাদেই, ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰটো কার্যতঃ ছুইমিং পুললৈ পর্যবসিত হৈছে৷ শনিবাৰে পুৱাৰ ভাগত অহা প্রবল বৰষুণজাকে বিমানবন্দৰটোৰ বৃহৎ এলেকা প্লাৱিত কৰাৰ পাছত বেয়া বতৰৰ বাবে কর্তৃপক্ষই পাঁচখনকৈ বিমানৰ উৰণ ‘ডাইভার্ট’ কৰে৷ ইয়াৰ সমান্তৰালভাৱে পানীয়ে বুৰাই পেলোৱা এলেকাসমূহলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ যুদ্ধকালীনভাৱে নামি পৰে বিমানবন্দৰৰ সংশ্লিষ্ট কর্মচাৰীৰ দল৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি দিল্লীৰ আৰ কে পুৰম, মধু বিহাৰ, হৰি নগৰ, বিকাশ মার্গ, মুনির্কা, বদৰপুৰকে ধৰি বহু অভিজাত অঞ্চল সন্ধিয়া পর্যন্ত বৰষুণৰ পানীত বুৰ গৈ আছে৷
প্রবল বৃষ্টিপাতে ব্যাহত কৰিছে ৰাজধানী মহানগৰখনৰ স্বাভাৱিক জীৱনযাত্রা৷ ব্যস্ত ৰাজপথ জলমগ্ন হোৱাত যান–বাহনসমূহ আবদ্ধ হৈ পৰাৰ দৃশ্য আজিৰ দিনটোত আছিল সুলভ৷ আনকি ৰাজপথত আবদ্ধ একাংশ যান–বাহন আধা অংশ পর্যন্ত পানীয়ে বুৰাই পেলায়৷ উত্তৰ প্রদেশৰ মথুৰা অভিমুখী এনে এখন বাছ পালম উৰণীয়া সেতুৰ সমীপত আবদ্ধ হৈ পৰাত তাত থকা ৪০জন যাত্রীক উদ্ধাৰ কৰাৰ বাবে দিল্লী অগ্ণিসেৱা বাহিনীৰ দল নিয়োজিত কৰিবলগীয়া হয়৷
দিল্লী অগ্ণিসেৱাৰ সঞ্চালক অতুল গার্গে সংবাদ প্রতিষ্ঠানক জানিবলৈ দিয়া অনুসৰি পুৱা প্রায় ১১.৩০ বজাত ফোনযোগে বাছখন পালম উৰণীয়া সেতুৰ সমীপত আবদ্ধ হৈ পৰাৰ খবৰ লাভ কৰাৰ পাছতে তালৈ ততালিকে দুটাকৈ উদ্ধাৰকাৰী দল প্রেৰণ কৰা হৈছিল৷ দুয়োটা দলে সফলতাৰে অভিযান চলাই বাছখনত থকা ৪০জন যাত্রীক উদ্ধাৰ কৰে৷ দেশৰ ৰাজধানী মহানগৰখনত সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতিৰ মূলতে প্রবল বৃষ্টিপাত বুলি সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ দিল্লীত সাধাৰণতে ১ জুনত বর্ষকাল আৰম্ভ হৈ ২৫ ছেপ্ঢেম্বৰত ইয়াৰ অন্ত পৰে৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি চলিত বর্ষাকালত দিল্লীত বর্তমান পর্যন্ত সাতবাৰ প্রবল বৃষ্টিপাত হৈছে৷ ১৯ জুলাইত ৬৯.৬ মিলিমিটাৰ, ২৭ জুলাইত ১০০ মিলিমিটাৰ, ৩০ জুলাইত ৭২ মিলিমিটাৰ, ২১ আগষ্টত ১৩৮.৮ মিলিমিটাৰ, ১ ছেপ্ঢেম্বৰত ১১২.১ মিলিমিটাৰ, ২ ছেপ্ঢেম্বৰত ১১৭.৭ মিলিমিটাৰ আৰু আজি ৯৪.৭ মিলিমিটাৰ বৃষ্টিপাত হয়৷ আজি পুৱালৈকে চলিত বর্ষাকালত বর্তমান পর্যন্ত দেশৰ ৰাজধানী মহানগৰখনত সামগ্রিকভাৱে অভিলেখপূর্ণ ৬৪ শতাংশ হাৰে ১,১০০ মিলিমিটাৰ বৰষুণ হৈছে৷ ইয়াৰ পূর্বে ১৯৭৫ চনৰ বর্ষকালত দিল্লীত বৰষুণৰ পৰিমাণ আছিল ১,১৫০ মিলিমিটাৰ৷ অর্থাৎ বিগত ৪৬ বছৰত এইবাৰ দিল্লীত সর্বাধিক বৰষুণ হৈছে৷ হয়তো ১৯৭৫ চনৰ অভিলেখো চলিত বর্ষাকালত ভংগ হ’ব পাৰে৷ কিয়নো দিল্লীত বর্ষাকাল অন্ত পৰে বছৰটোৰ ২৫ ছেপ্ঢেম্বৰত৷
ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লীত আৰু প্রবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি ‘অৰেঞ্জ এলার্ট’ জাৰি কৰিছে৷ উল্লেখ্য যে ১৫ মিলিমিটাৰৰ তলত হোৱা বৰষুণক সাধাৰণ, ১৫–৬৪.৫ মিলিমিটাৰক মধ্যমীয়া, ৬৪.৫–১১৫.৫ মিলিমিটাৰক প্রবল, ১১৫.৬–২০৪.৪ মিলিমিটাৰক অতি প্রবল আৰু ২০৪.৪ মিলিমিটাৰৰ ওপৰৰ বৃষ্টিপাতক সাংঘাতিক ধৰণে প্রবল ৰূপে বিবেচনা কৰা হয়৷ বিশেষজ্ঞসকলে দিল্লীৰ লগতে দেশৰ বিভিন্ন স্থানত এনেদৰে প্রবল বৃষ্টিপাত হোৱাৰ কাৰণৰ সৈতে জলবায়ু পৰিৱর্তনৰ প্রত্যক্ষ সম্পর্ক থকা বুলি মন্তব্য কৰিছে৷ যিটো বিবেচিত হৈছে অতি তাৎপর্যপূর্ণ ৰূপে৷