নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত সিং ৰাজপুতৰ জীৱন ভিত্তিক ছবি নিৰ্মাতালৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ২০ এপ্ৰিলঃ সুশান্ত সিং ৰাজপুতৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰা বিষয়টোৱে বৰ্তমান সময়ত বহুত গুৰুত্ব লাভ কৰিছে। শেহতীয়াকৈ বিভিন্ন মহলত অভিনেতা গৰাকীৰ জীৱনৰ আধাৰত ছবি নিৰ্মাণ হ’ব বুলি খবৰ ওলাইছিল । ইয়াৰ পিছতে সুশান্ত সিঙৰ পিতৃয়ে প্ৰয়াত অভিনেতাৰ ওপৰত আধাৰিত চলচ্চিত্ৰ নিৰ্মাণৰ ওপৰত নিষেধাজ্ঞা বিচাৰি আবেদন কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ত। অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে আবেদনৰ ওপৰত জাননী জাৰি কৰিছে ।

সুশান্ত সিং ৰাজপুতৰ পিতৃ কৃষ্ণ কিশোৰ সিঙে তেওঁৰ ব্যক্তিগত জীৱন, নাম, ছবি,জীৱনশৈলীক কাহিনীৰ ৰূপত দেখুওৱা চলচ্চিত্ৰ আৰু অন্যান্য উদ্যোগ সম্পৰ্কীয় শেহতীয়া বাতৰি প্ৰৱন্ধ আৰু প্ৰকাশনৰ পৰিপ্ৰেক্ষিতত দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে বুলি আবেদনত উল্লেখ কৰিছিল । ন্যায়াধীশ মনোজ কুমাৰ ওহৰিয়ে  এই সন্দৰ্ভত অহা ২৫ মে’ৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়ে ছবি নিৰ্মাতাক ।

উল্লেখ্য যে আৱেদনখনত কোৱা হৈছে যে সুশান্তৰ পিতৃ আৰু তেওঁৰ মৃতকৰ গোপনীয়তাৰ অধিকাৰ বা ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২১ ৰ অধীনত অকলে থকাৰ অধিকাৰ আছে ।আনহাতে পিতৃৰ সন্মতি অবিহনে সুশান্ত সিং ৰাজপুতৰ জীৱন সম্পৰ্কে সত্য বা অন্য কোনো কথা বা প্ৰশংসনীয় বা সমালোচনামূলক একো প্ৰকাশ কৰিব নোৱাৰে। সুশান্ত সিং ৰাজপুতৰ জীৱনক তেওঁৰ নিকট আত্মীয় আৰু পিতৃকে ধৰি তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ জীৱন ৰচনা নকৰাকৈ চিত্ৰিত কৰা সম্ভৱ নহয় ।

আবেদনত উল্লেখ কৰা হৈছে যে পিতৃয়ে আশংকা কৰিছে তেওঁৰ পুত্ৰৰ জীৱনৰ এক বিকৃত সংস্কৰণ তেওঁৰ সন্মতি অবিহনে ৰাইজৰ আগত উপস্থাপন কৰা হ’ব, যি প্ৰকৃতিত মানহানিকৰ হ’ব । পিতৃয়ে এইটোও আশংকা কৰে যে তেওঁৰ পুত্ৰৰ গোপনীয়তা এনে ৰাজহুৱা প্ৰবঞ্চনাৰ দ্বাৰা উলংঘন কৰা হ’ব ।

You might also like