নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ক’ভিডত প্রাণ হেৰুওৱা আৰক্ষীৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১০ জুনঃ দেশৰ ৰাজধানী নতুন দিল্লীত ক’ৰোনা ভাইৰাছত সংক্রমিত হৈ মঙলবাৰে পুনৰ এগৰাকী আৰক্ষী উপ–পৰিদর্শকে প্রাণ হেৰুৱাইছে৷

  সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি সেনা হাস্পতালত চিকিৎসাধীন হৈ থকা দিল্লী আৰক্ষীৰ উপ–পৰিদর্শক কৰমবীৰ সিঙে মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰিছে৷ এতিয়ালৈকে দিল্লীত ক’ভিড–১৯ত প্রাণ হেৰুওৱা আৰক্ষীৰ সংখ্যা ৫গৰাকীলৈ বৃদ্ধি পাইছে৷

উল্লেখনীয় যে কৰমবীৰ আছিল ছীলমপুৰৰ এচিপিৰ গাড়ীচালক৷ ২ জুনত কৰমবীৰ সিং ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত কৰা হৈছিল৷ তেতিয়াৰে পৰা হাস্পতালত চিকিৎসাধীন হৈ আছিল আৰক্ষী বিষয়াজন৷ স্মর্তব্য যে এতিয়ালৈকে দিল্লী আৰক্ষীৰ ৪৫০গৰাকী কর্মী মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷ অৱশ্যে ইয়াৰে ১৯৬গৰাকীয়ে সুস্থ হৈ ঘৰ তথা কর্তব্যলৈ ওভতা বুলি দিল্লী আৰক্ষীয়ে এক বিবৃতিত সদৰী কৰিছে৷

বর্তমানো ৰাজ্যখনৰ কেইবাখনো চৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে ২৪৪গৰাকী আৰক্ষী কর্মী৷ একে সময়তে দিল্লী আৰক্ষীৰ ডেৰ সহস্রাধিক কর্মীৰ পৰীক্ষা সম্পন্ন কৰা বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে৷ স্মর্তব্য যে কমপক্ষেও সাতখন থানাৰ ভাৰপ্রাপ্ত বিষয়াসকল ক’ভিড–১৯ত আক্রান্ত হৈছে দিল্লীত৷ দিল্লীৰ সমান্তৰালকৈ মহাৰাষ্ট্রতো বহু আৰক্ষী কর্মী ক’ৰোনাত সংক্রমিত হৈছে৷

You might also like