নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনা ঐতিহাসিক লালকিল্লাত হিংসাত্মক কার্যকলাপ সংঘটিত কৰাৰ ম’ষ্ট ৱাণ্টেড সুখদেৱ সিঙক দিল্লী আৰক্ষীৰ বিশেষ টাস্ক ফ’র্চে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে সুখদেৱ সিঙৰ তথ্য দিওঁতাক ৫০ হাজাৰ টকা ঘোষণা কৰাৰ পিছতো পলায়ন কৰিবলৈ সক্ষম হৈ থকা সুখদেৱ সিঙক চণ্ডীগড়ৰ পৰা ১০০ কিলোমিটাৰ নিলগত দিল্লী আৰক্ষীৰ বিশেষ টাস্ক ফ’র্চে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
তথ্য মতে বিগত ১০ দিন ধৰি সুখদেৱ সিঙৰ গতিবিধি দিল্লী আৰক্ষীয়ে নিৰীক্ষণ কৰি থকাৰ অন্তত কালি গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু দিল্লীৰ আদালতত হাজিৰ কৰায়৷ ইতিমধ্যে হাৰিয়ানাৰ কার্ণালৰ বাসগৃহ আৰু চণ্ডীগড়ৰ এঠাইত সুখদেৱ সিঙক গ্রেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই বিফল হৈছিল যদিও কালি অৱশেষত চণ্ডীগড়ৰ চেণ্ড্রেল মলৰ সমীপত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীৰ বিশেষ টাস্ক ফ’চ৷