নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰুৱা–আন্তর্জাতিক বিমানত খাদ্য যোগানৰ অনুমতি কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ঘৰুৱা আৰু আন্তর্জাতিক বিমানত খাদ্য পৰিৱেশনৰ অনুমতি দিলে কেন্দ্রই৷ আজি কেন্দ্রীয় চৰকাৰে সকলো ঘৰুৱা আৰু আন্তর্জাতিক বিমানৰ উৰণৰ সময়ত যাত্রীক বিশুদ্ধ খাদ্য পৰিৱেশনৰ অনুমতি দি এছ অ’ পি জাৰি কৰিছে৷

এই এছ অ’ পি মানি বিমানত কর্তৃপক্ষই পেকেট খাদ্য সামগ্রী, পানীয় আদি যোগান ধৰিব পাৰিব৷ অৱশ্যে এইক্ষেত্রত উৰণৰ যাত্রা কিমান দীঘলীয়া হ’ব তাৰ ওপৰতো নির্ভৰ কৰিব৷ এছ অ’ পি মতে, যাত্রীক খাদ্য পৰিৱেশনৰ সময়ত বিমানৰ কর্মচাৰীয়ে প্রতিটো যাত্রীক খাদ্য যোগান ধৰাৰ সময়ত নতুন গ্ল’বছ পৰিধান কৰিব লাগিব৷ যাত্রীক খাদ্য যোগান ধৰাৰ সময়ত ব্যৱহাৰ কৰা কোনো সামগ্রী পুনৰ ব্যৱহাৰ যোগ্য হ’ব নোৱাৰিব৷ অর্থাৎ প্লেটকে ধৰি বিভিন্ন সামগ্রী ডিছপ’জেবল হ’ব লাগিব৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি বিমান কর্তৃপক্ষই খাদ্য পৰিৱেশনৰ ক্ষেত্রত সজাগ হ’ব লাগিব, তেনেদৰে যাত্রীসকলেও ক’ভিড–১৯ প্রট’কল মানি চলিব লাগিব৷

You might also like