নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰ’ম আৰু আধা ভজা কণী খাওক,ক’ভিড ধ্বংস হ’বঃ কংগ্ৰেছ নেতা

নিয়মীয়া বাৰ্তা ১৮ জুলাইঃ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কি কৰিব লাগিব। ইয়াকে লৈ বৈজ্ঞানিক সকলে বিভিন্ন গৱেষণা অব্যাহত কিন্তু তাৰ মাজতে শেহতীয়া এক তথ্য প্ৰকাশ পাইছে। এই তথ্য অনুসৰি ক’ৰোনাৰ প্ৰতিহিত কৰিবলৈ ৯০ এম এল ৰ’ম(সুৰা) আৰু দুটা আধা ভজা কণী খালেই ক’ৰোনা প্ৰতিহিত কৰিব পাৰিব। এই তথ্য কোনো বিজ্ঞানিয়েই আৱিস্কাৰ কৰা নাই,কৰিছে কংগ্ৰেছৰ এজন নেতাই।

কৰ্ণাটৰ কংগ্ৰেছৰ মাংগালুৰুৰ উল্লালৰ কাউন্সিলাৰ ৰবিচন্দ্ৰ গত্তীয়ে এই তথ্য দাঙি ধৰিছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কাউন্সিলাৰ জনে এই দাবী কৰিছে। তেওঁ কৈছে যে বহু ধৰণৰ ঔষধ ব্যৱহাৰ কৰিলে কিন্তু সুৰা আৰু আধা ভজা কণীহে কাম কৰিলে। লগতে কৈছে কোনো ধৰণৰ ৰাজনৈতিক ব্যক্তি হিচাপে এই ব্যক্তব্য আগবঢ়োৱা নাই, কিন্তু ক’ৰোনা কমিটিৰ সদস্য হিচাপে হে এই তথ্য আগবঢ়াইছে।

You might also like