নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ বিলাসী জাহাজত ৰেভ পার্টীৰ ড্রাগ্ছ গোচৰত কাৰাবন্দী হৈ থকা পুত্র আৰিয়ান খানক বৃহস্পতিবাৰে ১৮ দিনৰ মূৰকত বলীউডৰ ছুপাৰষ্টাৰ পিতৃ শ্বাহৰুখ খানে মুম্বাইৰ আর্থাৰ ৰোড কাৰাগাৰত সাক্ষাৎ কৰিবলৈ সক্ষম হয়৷ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে কাৰাগাৰত পুত্র আৰিয়ানৰ সৈতে প্রায় ১৮ মিনিট সময় ক’ভিড প্রট’কল মানি আইনাৰ মাজেৰে বার্তালাপ কৰাৰ সময়তে ছুপাৰষ্টাৰগৰাকীৰ বাসগৃহত এন চি বিৰ প্রৱেশ ঘটে৷ নার্ক’টিক্ছ কণ্ট্ৰ’ল ব্যুৰ’ চমুকৈ এন চি বিৰ দলে অভিনেতা শ্বাহৰুখৰ বাসগৃহত উপস্থিত হৈ পুত্র আৰিয়ান সম্পর্কীয় অনেক নথি–পত্রৰ বিচাৰ–খোঁচাৰ কৰে৷
ইপিনে কাৰাগাৰৰ ভিতৰত পুত্র আৰিয়ানক ১৮ দিনৰ মূৰত সাক্ষাৎ কৰি পিতৃ শ্বাহৰুখ আৱেগিক হৈ পৰে৷ তেনেদৰে আৰিয়ানো আৱেগত ভাগি পৰে৷ দুজন কাৰাগাৰৰক্ষীৰ সমুখত পিতৃ–পুত্রৰ বার্তালাপৰ সময়ত পিতৃ শ্বাহৰুখে পুত্র আৰিয়ানক কাৰাগাৰৰ আহাৰ গ্রহণ কৰিব পাৰিছে নে নাই বুলি সোধে৷ আৰিয়ানে কাৰাগাৰৰ আহাৰ ভাল নলগা বুলি কোৱাৰ পাছতেই আৱেগত ভাগি পৰে শ্বাহৰুখ৷ তৎমুহূর্ততে শ্বাহৰুখে পুত্রক ঘৰৰ পৰা আহাৰ যোগান ধৰিব বুলি কৈ কাৰাগাৰ কর্তৃপক্ষক এই সন্দর্ভত আদালতৰ পৰা অনুমতি আনিব বুলি প্রকাশ কৰে৷
আনপিনে কাৰাগাৰত শ্বাহৰুখ আৰু শ্বাৰুখৰ বাসগৃহত এন চি বিৰ প্রৱেশ ঘটাৰ সময়তে কাৰাবন্দী আৰিয়ান খানৰ হোৱাট্ছএপৰ তথ্যৰ আধাৰত এন চি বিয়ে নবীন অভিনেত্রী অনন্যা পাণ্ডেৰ বাসগৃহত তালাচী অভিযান চলায়৷ অভিনেতা চাংকি পাণ্ডেৰ কন্যা অনন্যাৰ লেপটপ আৰু ম’বাইল তালাচীৰ সময়ত এন চি বিয়ে জব্দ কৰে৷ এন চি বিৰ চমনৰ পাছত অভিনেত্রী অনন্যাই এন চি বিৰ কার্যালয়ত হাজিৰ হয় আৰু এন চি বিৰ মাণ্ডলিক সঞ্চালক সমীৰ ৱানখেৰেৰ সোধা–পোছাৰ সন্মুখীন হয়৷ সোধা–পোছাৰ সময়ত অভিনেত্রী অনন্যাক শ্বাহৰুখ পুত্র আৰিয়ানৰ সৈতে হোৱা হোৱাট্ছএপ বার্তালাপক লৈ বিতং তথ্য আহৰণ কৰে৷
কালি এন চি বিৰ জেৰাৰ সন্মুখীন হোৱা অনন্যাক পুনৰ জেৰাৰ বাবে চমন জাৰি কৰাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি এন চি বিয়ে পৰৱর্তী কিছু দিনলৈ অনন্যাক শ্বুটিঙত অংশ নল’বলৈ নির্দেশ দিছে৷ অনন্যাৰ সৈতে পিতৃ চাংকি পাণ্ডেও এন চি বিৰ কার্যালয়ত উপস্থিত হয়৷ আৰিয়ানৰ হোৱাট্ছএপ বার্তালাপৰ ভিত্তিত কেইবাদিন ধৰি এন চি বিয়ে অনন্যাক নিৰীক্ষণত ৰাখিছিল আৰু আজি অনন্যাৰ বাসগৃহত তালাচী কৰাৰ লগতে কার্যালয়লৈ মাতি আনি সোধা–পোছা কৰে৷
লক্ষণীয় যে অনন্যাৰ উপৰি আন কেইবাজনো লোক এন চি বিৰ ৰাডাৰত আছে৷ অভিনেত্রী অনন্যাৰ বাসগৃহত এন চি বিয়ে তালাচী চলোৱাৰ লগতে আন চাৰিটা স্থানতো তালাচী চলায় ড্রাগ্ছবিৰোধী অনুসন্ধান সংস্থাটোৱে৷ আনপিনে কালি আৰিয়ানসহ ৮জনৰ জামিন মুম্বাইস্থিত বিশেষ আদালতে নাকচ কৰাৰ পাছত মুম্বাই উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছে৷ এই জামিন আবেদনৰ শুনানি অহা ২৬ অক্টোবৰত গ্রহণ কৰিব৷ যোৱা ৭ অক্টোবৰত আৰিয়ান খান, আৰবান মার্চেণ্ট, মুনমুন ধুমেছাসহ ৮জনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছিল আদালতে৷ কালি ১৪ দিনৰ ন্যায়িক জিম্মাৰ অন্ত পৰাত এন চি বিৰ বিশেষ আদালতে আৰিয়ানসহ ৮জনৰ ন্যায়িক জিম্মা ৩০ অক্টোবৰলৈ বৃদ্ধি কৰিছে৷
শেহতীয়া তথ্য মতে, এন চি বিয়ে শ্বাহৰুখ খানৰ বাসগৃহ মান্নাটত প্রৱেশ কৰি পুত্র আৰিয়ান সম্পর্কীয় যিকোনো ইলেক্ট্রনিক সঁজুলি আছে যদি সেইবোৰ এন চি বিৰ হাতত গতাই দিবলৈ জাননী দিয়ে৷ মুম্বাইৰ আন্ধেৰীৰ চাৰিটা স্থানত এন চি বিয়ে অভিযান চলাই কি তথ্য লাভ কৰিছে, সেই সন্দর্ভত এতিয়ালৈকে একো প্রকাশ কৰা নাই৷