নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰতাৰ বাবেই ক’ভিডৰ বৃহৎ ক্ষতিৰ পৰা ৰক্ষা চীনৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ক’ভিড মহামাৰীৰ প্রতিৰোধৰ ক্ষেত্রত শূন্য সহনশীলতা নীতি গ্রহণ কৰাৰ একমাত্র দেশ হিচাপে চিহ্ণিত হৈছে চীন৷ এতিয়াও বিশ্বৰ অধিকসংখ্যক যাত্রীয়ে চীনত প্রৱেশৰ অনুমতি লাভ কৰা নাই৷ অতিমাৰীক প্রতিৰোধ কৰিবলৈ ঝি জিনপিং চৰকাৰে যি নিৰাপত্তা প্রাচীৰ গঢ়ি তুলিছে সেয়া ভাগি পৰা হ’লে দেশখনত প্রতিদিনে ৬ লাখ ৩০ হাজাৰ লোক ক’ভিডত সংক্রমিত হ’লহেঁতেন৷ সাম্প্রতিক এক গৱেষণাত এই দাবী কৰা হৈছে৷ উহান প্রদেশৰ পৰা বিশ্বজুৰি ক’ভিড মহামাৰী বিয়পি পৰাৰ পাছত কঠোৰ নীতি গ্রহণ কৰিছিল চীন চৰকাৰে৷ আনকি আজিও চীনে ক’ভিড প্রতিৰোধী কঠোৰ নীতি অব্যাহত ৰাখিছে৷ গতিকে দেশখন ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিছে৷ পেকিং বিশ্ববিদ্যালয়ৰ গৱেষকে প্রকাশ কৰা এক গৱেষণা–পত্রত যোৱা সপ্তাহত প্রকাশ কৰিছে চীনে৷ এই গৱেষণা–পত্র অনুসৰি ক’ভিড প্রতিৰোধৰ ক্ষেত্রত চীন চৰকাৰে শূন্য সহনশীল নীতি গ্রহণ কৰাটো আছিল আটাইতকৈ গুৰুত্বপূর্ণ পদক্ষেপ৷

You might also like