দুদিনৰ ভিতৰত দ্বিতীয়বাৰ মমতা বেনার্জীলৈ আয়োগৰ জাননী
নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ নির্বাচন আয়োগৰ আদর্শ আচৰণবিধি বাৰে বাৰে উলংঘা কৰা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক আয়োগে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰি আছে যদিও নেত্রীগৰাকীয়ে এইক্ষেত্রত বিশেষ গুৰুত্ব প্রদান কৰা নাই৷ দুদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে নির্বাচন আয়োগে মমতা বেনার্জীলৈ জাৰি কৰিছে জাননী৷ ৰাজ্যখনৰ জনসাধাৰণক কেন্দ্রীয় নিৰাপত্তা বাহিনীক ঘেৰাও কৰাৰ আহ্বান জনাই আয়োগৰ আদর্শ আচৰণবিধি উলংঘা কৰিছে নেত্রীগৰাকীয়ে৷ গতিকে ৬৬ বছৰীয়া মমতা বেনার্জীক কাইলৈ পুৱা ১১ বজাৰ ভিতৰত এই বক্তব্য সন্দর্ভত কাৰণ দর্শাবলৈ জাননী জাৰি কৰিছে৷ লক্ষণীয়ভাৱে ৮টা পর্যায়ত নির্বাচন অনুষ্ঠিত হৈ থকা ৰাজ্যখনত কাইলৈ চতুর্থ পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণ সম্পন্ন হ’ব৷ যোৱা ২৮ মার্চ আৰু ৭ এপ্রিলত মমতা বেনার্জীয়ে বিতর্কিত মন্তব্যৰে ৰাজ্যখনত উত্তপ্ত পৰস্থিতিৰ সৃষ্টি কৰিছিল৷ এই মন্তব্যৰ পাছতে নির্বাচন আয়োগ কঠোৰ হৈ পৰিছে নেত্রীগৰাকীৰ বিৰুদ্ধে৷ অৱশ্যে মমতাই আয়োগৰ কোনো কথা নামানে বুলি একপ্রকাৰ ঘোষণা কৰি থৈছে৷