বিশ্বৰ অর্থনীতিলৈ বিপর্যয় কঢ়িয়াব পাৰে অমিক্রনৰ সংক্রমণে
নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ ক’ভিড মহামাৰীৰ নতুন প্রকৰণ অমিক্রনৰ সংক্রমণে বিশ্বৰ অর্থনীতিত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ শেহতীয়াকৈ মুদীজ এনালিটিক্স, গ’লমেন ছেক্সৰ দৰে উপদেষ্টা সংস্থাসমূহে বিশ্বৰ সকলো দেশকে সতর্কবাণী শুনাইছে৷ যোৱা বছৰৰ শেষৰ ভাগত ভাৰতীয় অর্থনীতিত কিছু আশাব্যঞ্জক বৃদ্ধি ঘটিছিল যদিও ক’ৰোনাৰ দ্বিতীয় লহৰত অর্থনীতিৰ পুনৰজীৱন প্রক্রিয়া থানবান হৈ গৈছিল৷ এইবাৰ অমিক্রনে ভাৰত বুলিয়েই নহয়, বিশ্বৰ প্রতিখন দেশলৈ কঢ়িয়াই আনিব পাৰে অনিশ্চয়তা৷ অর্থনীতিবিদ ষ্টীভ ক’ছৰেনে দাবী কৰা অনুসৰি সকলোবোৰ নির্ভৰ কৰিব সংক্রমণৰ গতি, ভয়াৱহতা, হাস্পতালত ভর্তি, মৃত্যুৰ হাৰ, প্রতিষেধক আৰু দৰবৰ কার্যকাৰিতাৰ ওপৰত৷ অৱশ্যে তাৎক্ষণিকভাৱে অমিক্রনে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে তাৰ অনুমান লগাব পৰা নাই অর্থনীতিবিদসকলে৷