নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ জগতৰক্ষকণৰ ৮৯ কোটিৰ সম্পত্তি জব্দ ইডিৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ তামিলনাডুৰ আৰাক্কনাম সমষ্টিৰ ডিএমকে সাংসদ জগতৰক্ষকণ আৰু তেওঁৰ পৰিয়ালৰ ৮৯.১৯ কোটি টকাৰ সম্পত্তি জব্দ কৰে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে (ইডি)৷ কেন্দ্রীয় সংস্থা ইডিয়ে কালি সাংসদগৰাকীৰ লগতে পৰিয়ালৰ স্থাৱৰ সম্পত্তি কৃষিভূমি, ব্যৱসায়িক প্লট, গৃহকে ধৰি কেইবাটাও সম্পত্তি জব্দ কৰে৷

ইডিয়ে প্রকাশ কৰা মতে, সংস্থাটোৱে চলোৱা অনুসন্ধানত সাংসদগৰাকীয়ে এফই এমএ ব্যৱস্থাক উলংঘন কৰি বিদেশত ধন বিনিয়োগ কৰাৰ লগতে ৰাজ্যখনত উপার্জন বহির্ভূত অনেক সম্পত্তি ক্রয় কৰিছে৷ 

ইডিয়ে প্রকাশ কৰা বিবৃতি মতে, সাংসদগৰাকীয়ে তেওঁৰ পুত্রৰ সৈতে মিলিত হৈ ২০১৭ চনৰ জুন মাহত ছিংগাপুৰৰ মেছার্ছ চিলভাৰ পার্ক ইণ্টাৰনেচনেল প্রাইভেট লিমিটেডত বৃহৎ পৰিমাণৰ শ্বেয়াৰ, ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ অনুমোদন অবিহনে ক্রয় কৰিছে৷

বেআইনীভাৱে এই শ্বেয়াৰ ক্রয় কৰাৰ বাবেই ইডিয়ে সাংসদগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁৰ লগতে পৰিয়ালৰ সম্পত্তি জব্দ কৰিছে৷ ইডিয়ে জব্দ কৰা সম্পত্তিৰ পৰিমাণ ৮৯.১৯ কোটি টকাৰ৷

You might also like