অৰুণাচল সীমান্তত কাউণ্টাৰ স্পেচ জেমাৰ স্থাপন
প্রকৃত নিয়ন্ত্রণৰেখাৰ ৬০ কিলোমিটাৰ দূৰত্বত স্থাপন অত্যাধুনিক প্রযুক্তি ব্যৱস্থা
নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ চীনৰ ভাৰতৰ উত্তৰ–পূর্বাঞ্চলবিৰোধী ষড়যন্ত্রই এতিয়া এক নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে৷ কেৱল সামৰিকভাৱেই নহয়, উত্তৰ–পূর্বাঞ্চলক শ’লঠেকত পেলাবলৈ অসমীয়াৰ আয়ুসৰেখাস্বৰূপ মহাবাহু ব্রহ্মপুত্রৰ গতিপথ সলনি কৰাৰ অতি পুৰণি ব্লু–প্রিণ্টক লৈ ড্রেগনৰ দেশখনে এতিয়া এক নতুন আঁচনি হাতত লোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ অৰুণাচল সীমান্তৰ সিপাৰে চীনৰ গতিবিধিক লৈ সততে ভাৰতৰ সংবাদ মাধ্যমত বাতৰি প্রকাশ পাই অহা বিষয়টোক ৰঙা চীনে এতিয়া অত্যন্ত গম্ভীৰভাৱে লৈছে৷ মূলতঃ অপেন ইণ্টেলিজেঞ্চৰ ওপৰত নির্ভৰ কৰি সংবাদ মাধ্যমৰ লগতে ভাৰতৰ চোৰাংচোৱা সংস্থাবোৰেও নতুন দিল্লীক এতিয়ালৈকে বিভিন্নভাৱে সতর্ক কৰি আহিছিল যদিও চীনে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে এক ব্রহ্মাস্ত্র প্রয়োগ কৰা বুলি জানিব পৰা গৈছে৷ এতিয়াৰে পৰা অৰুণাচল সীমান্তৰ সিপাৰে চীনে কি কৰি আছে, সেয়া ভাৰতীয় কিম্বা আন কোনো দেশৰ সংস্থাই উমান লাভ নকৰাটো প্রায় নিশ্চিত হৈ পৰিছে৷ কাৰণ অৰুণাচল সীমান্তৰ সিপাৰে চীনে শেহতীয়াকৈ স্থাপন কৰিছে ‘কাউণ্টাৰ স্পেচ জেমাৰ’৷ কাউণ্টাৰ স্পেচ জেমাৰৰ কাম হৈছে ছেটেলাইটৰ পৰা শত্রু পক্ষই কোনো ধৰণৰ তথ্য আহৰণ কৰিব নোৱাৰিব৷ ভাৰতীয় চোৰাংচোৱা সংস্থাই এই কথা প্রকাশ কৰিছে৷ তথ্য অনুসৰি, অৰুণাচল প্রদেশৰ প্রকৃত নিয়ন্ত্রণৰেখাৰ পৰা প্রায় ৬০ কিলোমিটাৰ দূৰত চীনে যোৱা মাহত এই ‘কাউণ্টাৰ স্পেচ জেমাৰ’ স্থাপন কৰে৷ যোৱা প্রায় এমাহ ধৰি অৰুণাল প্রদেশ সীমান্তৰ সিপাৰে চীনৰ পিপল্ছ লিবাৰেচন আর্মীৰ (পি এল এ) অথবা দেশখনৰ অসামৰিক কোনো গতিবিধি ভাৰতীয় কোনো সংস্থাৰ নিৰীক্ষণত অহা নাই৷ উল্লেখ্য যে সীমান্তৰ সিপাৰে ৬০ কিলোমিটাৰ দূৰত ‘কাউণ্টাৰ স্পেচ জেমাৰ’ স্থাপন কৰাৰ অর্থই হৈছে সীমান্তৰ পৰা মুঠ ১২০ কিলোমিটাৰলৈকে চীনৰ কোনো গতিবিধি ভাৰতে লক্ষ্য কৰিব নোৱাৰিব৷ ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে আশংকা কৰা মতে, কেৱল সামৰিক দৃষ্টিকোণৰ পৰাই নহয়, চীনে এতিয়া য়ার্লুং চাংপোৰ (চীন দেশত ব্রহ্মপুত্রৰ নাম) গতিপথ সলনি কৰাৰ নিচিনাও ভয়ংকৰ আঁচনিসমূহো ৰূপায়ণ কৰি থাকিব পাৰে৷
উল্লেখ্য যে অৰুণাচল সীমান্তৰ ১২০ কিলোমিটাৰৰ ভিতৰতেই আছে দেশখনৰ ছাংৰি কাউণ্টি আৰু তিব্বতৰ এই অঞ্চলৰ পৰাই ব্রহ্মপুত্রৰ গতিপথ সলনি কৰি নদীখনৰ পানী প্রায় ১০০০ কিলোমিটাৰৰ সুৰংগ নির্মাণেৰে বোৱাই নিয়াৰ এক দীর্ঘদিনীয়া আঁচনি চীনে লৈ থৈছে৷ ২০১৭ চনত প্রথমবাৰৰ বাবে প্রকাশিত বাতৰি অনুসৰি ছাংৰিৰ পৰা উত্তৰ চীনৰ জিনজিয়াং প্রদেশৰ টাকলামাকান মৰুভূমিলৈ ব্রহ্মপুত্রৰ পানী বোৱাই নিয়াৰ বাবে দেশখনে শতাধিক বিজ্ঞানীক নিয়োজিত কৰিছে৷ ‘কাউণ্টাৰ স্পেচ জেমাৰ’ ব্যৱহাৰ কৰি ভাৰত তথা সমগ্র বিশ্বৰ চকুত ধূলি দি চীনে কেইবালক্ষ কোটিটকীয়া এই অভিলাষী আঁচনিখন এতিয়া বাস্তৱায়িত কৰিব পাৰে বুলি ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে আশংকা ব্যক্ত কৰিছে৷ তদুপৰি ড্রেগনৰ দেশখনে ‘দক্ষিণ তিব্বত’ হস্তগত কৰাৰো অপচেষ্টাত লিপ্ত হ’ব পাৰে বুলি লগতে আশংকা কৰা হৈছে৷ উল্লেখ্য যে অৰুণাচল প্রদেশক চীনে দক্ষিণ তিব্বত বুলি চিহ্ণিত কৰি আহিছে৷ এইক্ষেত্রত চীনৰ সামৰিক তৎপৰতাও ‘কাউণ্টাৰ স্পেচ জেমাৰ’ৰ বাবে ভাৰতৰ চকুত ধৰা নপৰিব৷ সেই ক্ষেত্রত কেৱল স্থল চোৰাংচোৱাৰ ওপৰতেই নির্ভৰশীল হ’ব লাগিব নতুন দিল্লী৷ এক বিশেষ সূত্রত জানিব পৰা মতে, ভাৰতৰ প্রতিৰক্ষা মন্ত্রালয়ে সমগ্র বিষয়টোক লৈ শীঘ্রে আন্তঃবিভাগীয় এখন বৈঠকত মিলিত হোৱাৰ কথা৷ উক্ত বৈঠকত বেইজিঙৰ ষড়যন্ত্রৰ পর্যালোচনা কৰিব নতুন দিল্লীয়ে৷