দুই চীনা নাগৰিকৰ বিৰুদ্ধে নিষেধাজ্ঞা, ইউৰোপীয় সংঘৰ কঠোৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ ইউৰোপীয় সংঘই প্রথমবাৰৰ বাবে দুগৰাকী চীনা ব্যক্তি আৰু দেশখনৰ এটা কোম্পানীৰ ওপৰত আৰোপ কৰিছে নিষেধাজ্ঞা৷ এই নিষেধাজ্ঞা অনুসৰি চীনা নাগৰিক দুগৰাকীয়ে ইউৰোপীয় সংঘৰ অন্তর্ভুক্ত দেশ ভ্রমণ কৰিব নোৱাৰিব৷
ইয়াৰ উপৰি নাগৰিক দুগৰাকীৰ লগতে কোম্পানীটোৰ সৈতে ইউৰোপীয় দেশৰ কোনো প্রতিষ্ঠান বা ব্যক্তিৰ বাণিজ্যিক সম্পর্ক স্থাপন কৰাৰ সুযোগ নাথাকিব৷ স্মর্তব্য যে চীনা গুপ্তচৰ সংস্থাৰ সৈতে সম্পর্ক থকাৰ অভিযোগত ইউৰোপীয় সংঘই এই কঠোৰ সংঘর্ষ গ্রহণ কৰিছে৷
ইউৰোপীয় বিভিন্ন কোম্পানীৰ বিৰুদ্ধে চাইবাৰ আক্রমণ চলোৱাৰ অভিযোগ অনা হৈছে গাও কিয়াং আৰু শ্বিলং ঝাঙৰ লগতে এটা প্রযুক্তি কোম্পানীৰ বিৰুদ্ধে৷ অৱশ্যে তাৎক্ষণিকভাৱে বেইজিং প্রশাসনে ইউৰোপীয় সংঘৰ এই সিদ্ধান্ত সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷