নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ই-ৰিটেইলৰে ঘৰে ঘৰে সুৰাৰ ডেলিভাৰী

ক’ভিড পৰিস্থিতিত ঘৰে ঘৰে সকলো ধৰণৰ সুৰা যোগান ধৰাৰ পৰিসেৱা আৰম্ভ কৰিছিল বিভিন্ন ৰাজ্যত। তেনে ব্যৱস্থা পশ্চিম বংগতো কৰা হৈছিল। সেই সেৱা এতিয়াও কোনো কোনো ঠাইত বাহাল থাকিলেও সক্রিয় হৈ থকা নাই। এতিয়া নতুনকৈ বিভিন্ন ই-ৰিটেইল সংস্থাৰ সৈতে চুক্তি কৰি এই পৰিসেৱা বৃহৎ আকাৰত চলোৱাৰ কথা চিন্তা কৰিছে পশ্চিম বংগ চৰকাৰে।

চৰকাৰীভাৱে ইয়াক সুৰাৰ ই-ৰিটেইল বুলি কোৱা হ’লেও আৱকাৰী দপ্তৰৰ অনেকেই ইয়াক ‘দুৱাৰত মদ’ প্রকল্প নাম দিছে। আৱকাৰী দপ্তৰৰ সূত্রৰ জৰিয়তে জনা গৈছে, যোৱা আগষ্ট মাহতেই এই প্রক্রিয়া আৰম্ভ হৈছিল। চলিত মাহতেই চাৰিটা সংস্থাৰ নাম চূড়ান্ত কৰা হৈছে। কোন সংস্থাই কোন এলেকাত কাম কৰিব, কিদৰে অনলাইন অৰ্দাৰ লোৱা হব বা বিক্রী হ’ব, সেয়া এতিয়াও চূড়ান্ত হোৱা নাই। জনা মতে, অহা এপ্রিল মাহৰ পৰা আৰম্ভ হৈ যাব ঘৰে ঘৰে সুৰা যোগান ধৰাৰ সেৱা।

You might also like