পৰকীয়া প্ৰেমঃ স্বামীৰ পাছপৰ্ট লৈ বিদেশ ভ্ৰমণ কৰি বিপদত পত্নী
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ স্বামীৰ পাছপৰ্ট লৈ প্ৰেমিকৰ লগত বিদেশ ভ্ৰমণত গৈ বিপদত পত্নী। উক্ত মহিলাগৰাকী উত্তৰ প্ৰদেশৰ পিলভিট জিলাৰ। মহিলা গৰাকীৰ স্বামী ২০ বছৰ ধৰি মুম্বাইত বাস কৰি আহিছে। সেই সুযোগতে পত্নীয়ে স্থানীয় যুৱক সন্দীপ সিঙৰ সৈতে প্ৰেমত পৰিছিল।
যোৱা জানুৱাৰী মাহত মহিলা গৰাকীয়ে নিজৰ স্বামীৰ নামত পাছপৰ্ট বনায়। সেই পাছপৰ্টৰ জৰিয়তে মহিলাগৰাকীয়ে নিজৰ প্ৰেমিকৰ লগত অষ্ট্ৰলিয়ালৈ প্ৰমোদ ভ্ৰমণলৈ গৈছিল। কিন্তু তাতেই কেণা লাগিল। ক’ভিড-১৯ ৰ বাবে আন্তঃৰাষ্ট্ৰীয় উৰণ নিষিদ্ধ হৈ থকাৰ বাবে অষ্ট্ৰেলিয়াতে আবদ্ধ হৈ আছিল প্ৰেমিক যুগল।
সেই সময়ত মহিলাগৰাকীৰ স্বামী উত্তৰ প্ৰদেশলৈ উভতি আহি দেখে যে পত্নী ঘৰত নাই। ওচৰ চুবুৰীয়াক সোধপোচ কৰাত গম পালে যে প্ৰেমিকৰ লগত অষ্ট্ৰেলিয়াত প্ৰমোদ ভ্ৰমণত গৈছে বুলি। আনহাতে স্বামীয়ে নিজৰ নামত পাছপৰ্ট বনাবলৈ স্থানীয় পাছপৰ্ট কাৰ্যালয়লত গৈ গম পালে যে তেওঁৰ নামত ইতিমধ্যে পাছপৰ্ট আছেই। তাৰ পিছতেই সকলো ঘটনা পোহৰলৈ আহে।
আনহাতে যোৱা ২৪ আগষ্টত নিজৰ প্ৰেমিকৰ সৈতে মহিলাগৰাকী দেশলৈ উভতি আহে। কিন্তু স্বামীয়ে নিজৰ পত্নীৰ বিৰুদ্ধে স্থানীয় আৰক্ষীয় থানাত গোচৰ ৰুজু কৰিছে। আৰু আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।