নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ সন্ত্রাসবাদী সংগঠন তালিবানে আফগানিস্তান দখল কৰাৰ পিছত সৃষ্ট পৰিস্থিতিক লৈ প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে৷ অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী আৰু প্রতিৰক্ষা মন্ত্রীৰ সৈতে ভাৰতৰ একেই বিভাগৰ মন্ত্রীদ্বয়ে বৈঠকত মিলিত হোৱাৰ পিছত কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰে আফগানিস্তানক লৈ বিবৃতি প্রকাশ কৰে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রী জয়শংকৰে কয় যে সন্ত্রাসবাদী সংগঠনৰ দ্বাৰা আফগানিস্তানত গঠন কৰা নতুন চৰকাৰত নিষিদ্ধ সন্ত্রাসবাদী গোটৰ অন্তর্ভুক্তিয়ে নতুন দিল্লীক উদ্বিগ্ন কৰিছে৷ অর্থাৎ তালিবান চৰকাৰক লৈ উদ্বিগ্ন ভাৰত৷
উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী মাৰিছে পাইনে আৰু প্রতিৰক্ষা মন্ত্রী পিটাৰ ডুট্টনৰ ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ মাজত বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত দুয়োখন দেশে আফগানিস্তানৰ পৰিস্থিতিক লৈ উদ্বিগ্ণতা প্রকাশ কৰে৷ তেনেদৰে প্রশান্ত মহাসাগৰীয় অঞ্চলৰ লগতে পূব আৰু দক্ষিণ চীন সাগৰক লৈও বিতং আলোচনাৰ সময়ত এই অঞ্চল দুটা মুক্ত আৰু সুৰক্ষিত কৰি ৰখাৰ বাবে সহমত প্রকাশ কৰে৷