নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদী কৃষক সংগঠনৰ ২৬ জানুৱাৰীত দিল্লীলৈ ট্রেক্টৰ সমদলৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰে তিনি কৃষি আইন প্রত্যাহাৰ নকৰিলে ৪০ প্রতিবাদী কৃষক সংগঠনে অহা ২৬ জানুৱাৰীত ট্রেক্টৰ সমদলেৰে দেশৰ ৰাজধানী দিল্লীলৈ গৈ প্রতিবাদ সাব্যস্ত কৰিব৷ দিল্লী চলো প্রতিবাদী কার্যসূচীৰ অংশ হিচাপে ৰাজধানী চহৰখনৰ সীমান্তত বাহৰ পাতি মাহ ধৰি তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত অটল হৈ থকা কৃষক সংগঠনৰ সন্মিলিত মঞ্চ সংযুক্ত কিষাণ মর্চাই যেতিয়ালৈকে কেন্দ্রীয় চৰকাৰে তেওঁলোকৰ দাবী মানি লৈ কৃষি আইন বাতিল নকৰে, তেতিয়ালৈকে আন্দোলন অব্যাহত ৰাখিব বুলি পুনৰ ঘোষণা কৰিছে৷

ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ কৃষিমন্ত্রীৰ নেতৃত্বত চৰকাৰৰ প্রতিনিধিয়ে প্রতিবাদী কৃষক সংগঠনৰ নেতৃত্বৰ সৈতে সপ্তমলানি বৈঠকত মিলিত হৈছে যদিও এতিয়ালৈকে কোনো মীমাংসা ওলোৱা নাই৷ অহা ৪ জানুৱাৰীত পুনৰ কেন্দ্রীয় চৰকাৰ আৰু ৪০ প্রতিবাদী কৃষক সংগঠনৰ প্রতিনিধিৰ মাজত বৈঠক অনুষ্ঠিত হ’ব৷

এই বৈঠকত চৰকাৰে তিনি কৃষি আইন বাতিলৰ দাবীত সহমতত উপনীত নহ’লে প্রতিবাদ অধিক ক্ষিপ্রতৰ কৰি তুলিব৷ ইপিনে, কালি দিল্লী–গাজিয়াবাদ সীমান্তৰ প্রতিবাদস্থলীত ৭৫ বছৰীয়া এজন কৃষকক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়৷ দিল্লী সীমান্তত প্রতিবাদস্থলীত ইতিমধ্যে দুগৰাকীকৈ কৃষকৰ মৃতদেহ উদ্ধাৰৰ পিছত কালি পুনৰ আন এজন কৃষকৰ মৃতদেহ উদ্ধাৰ হয়৷

প্রাৰম্ভিক তথ্য মতে, কেন্দ্রীয় চৰকাৰে কৃষকৰ দাবী মানি নোলোৱাৰ বাবে কৃষকজনে আত্মহননৰ পথ বাছি লৈছে৷ মন কৰিবলগীয়া যে ৩৬ দিন ধৰি চলি থকা কৃষকৰ আন্দোলনৰ সময়ত ৫০তকৈ অধিক প্রতিবাদী কৃষক শ্বহীদ হৈছে৷

You might also like