কৃষক আন্দোলনক লৈ শংকিত উত্তৰাখণ্ড আৰক্ষী
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ দিল্লীত প্রতিবাদী কৃষকৰ ট্রেক্টৰ সমদলৰ পিছত উত্তৰাখণ্ড আৰক্ষীয়ে ৰাজ্যখনৰ চাৰিখন জিলাত সতর্কবাণী জাৰি কৰিছে৷ এই চাৰিওখন জিলাত ইতিমধ্যে কৃষক আন্দোলনে প্রবল ৰূপ ধাৰণ কৰিছে৷ তিনি কৃষি আইন বাতিলৰ দাবীত ইতিমধ্যে উত্তৰাখণ্ডৰ জিলাকেইখনত কৃষকে প্রতিবাদ জংগী কৰি তোলাৰ সময়তে আৰক্ষীৰ মুখ্য কার্যালয়ে অতিৰিক্ত নিৰীক্ষণ ব্যৱস্থাৰ চিন্তা–চর্চা চলাইছে৷ ডেৰাডুন, হৰিদ্বাৰ, নাইনিটাল আৰু ইউএছ নগৰ জিলাত আইন–শৃংখলা পৰিস্থিতি ৰক্ষাৰ ক্ষেত্রত আৰক্ষীক নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ নির্দেশ দিয়া হৈছে৷ লক্ষণীয়ভাৱে দিল্লীৰ ট্রেক্টৰ সমদলে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছত উত্তৰাখণ্ডতো কৃষক আন্দোলনে অস্থিৰতা সৃষ্টি কৰিব বুলি আশংকা কৰিছে প্রশাসনে৷