নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকক সমর্থন জনাই দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালসহ বিধায়কৰ অনশন

কৃষি আইন বাতিলৰ দাবীত ৪০ কৃষক সংগঠনৰ নেতাৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ বিতর্কিত তিনি কৃষি আইন বাতিলৰ দাবীত কৃষকৰ প্রতিবাদ ১৯ দিনত ভৰি দিলে৷ কেন্দ্রীয় চৰকাৰৰ ৭ লিখিত প্রস্তাৱ নাকচ কৰি প্রতিবাদ অধিক তীব্রতৰ কৰি তোলাৰ ঘোষণা কৰা ৪০ প্রতিবাদী কৃষক সংগঠনৰ নেতাই আজি দিল্লী সীমান্তত অনশন কার্যসূচী ৰূপায়ণ কৰে৷ আজি এই অনশন কার্যসূচীৰে সমগ্র দেশত ৩ কৃষি আইন বাতিলৰ দাবীত আন্দোলন তীব্রতৰ কৰি তোলাৰ ঘোষণা কৰিছে৷ দিল্লীৰ সিংঘু সীমান্তত ২৫ কৃষক নেতা, টিক্রী সীমান্তত ১০ নেতা আৰু উত্তৰ প্রদেশ সীমান্তত ৫ সংগঠনৰ নেতাই অনশন কার্যসূচী ৰূপায়ণ কৰে৷ পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনশন কার্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ দেশৰ ভিন্ন প্রান্তত কৃষক সংগঠনৰ প্রতিনিধিয়ে প্রতিবাদী কার্যসূচী অব্যাহত ৰাখে৷ কেন্দ্রীয় চৰকাৰৰ কৃষি আইন সংশোধনী প্রস্তাৱ আৰু এম এছ পি বাহাল ৰখাৰ নিশ্চিতি দিয়া প্রস্তাৱক প্রতিবাদী কৃষক সংগঠনে নাকচ কৰি দিল্লী সীমান্তত কৃষকে শক্তি বৃদ্ধি কৰিছে৷ যোৱা নৱেম্বৰ মাহৰ শেষৰ পৰাই দিল্লী চলো কার্যসূচীৰে ৰাজধানী চহৰখনৰ সীমান্তত আৰক্ষীৰ বাধাৰ বাবে বাহৰ পাতি প্রতিবাদ চলাই থকা কৃষক সংগঠনৰ প্রতিনিধিয়ে কেন্দ্রীয় কৃষিমন্ত্রীৰ নেতৃত্বত প্রতিনিধি দল এটাৰ সৈতে তিনিবাৰ বৈঠকত মিলিত হৈছিল যদিও কোনো মীমাংসা ওলোৱা নাছিল৷ আনকি ৮ ডিচেম্বৰত ভাৰত বন্ধৰ সন্ধিয়া ১৩ কৃষক সংগঠনৰ প্রতিনিধিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও মিলিত হৈছিল৷ এই বৈঠকখনো মীমাংসা অবিহনে সামৰণি পৰে৷ তিনি আইন বাতিলৰ আঁকোৰগোজ স্থিতিত থকা কৃষক সংগঠনে আইন বাতিল নকৰালৈকে দেশজুৰি আন্দোলন চলাই যাব বুলি ঘোষণা কৰে৷ সেইমর্মে কৃষক সংগঠনসমূহে বিভিন্ন প্রতিবাদী কার্যসূচী চলাই আছে৷ আজি অনশন কার্যসূচী চলাই কৃষক সংগঠনে পৰৱর্তী আন্দোলন অধিক তীব্রতৰ কৰাৰ হুংকাৰ দিছে৷ ইপিনে কৃষকৰ আন্দোলনক সমর্থন জনাই দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ সতীর্থ মন্ত্রী–বিধায়কে দিনজোৰা অনশন কার্যসূচী ৰূপায়ণ কৰে৷ দিল্লীৰ সীমান্তত কৃষক সংগঠনৰ নেতাই অনশন কৰাৰ বিপৰীতে পঞ্জাব আৰু হাৰিয়ানাত কৃষক সংগঠনৰ প্রতিনিধিসকলে জিলা উপায়ুক্তৰ কার্যালয়ত প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ আনহাতে, দিল্লী সীমান্তৰ পথসমূহ অৱৰোধ কৰি যাতায়াত বিঘ্ণিত কৰি ৰখাৰ পাছত একাংশ প্রতিবাদী কৃষকে দিল্লী–জয়পুৰ ঘাইপথ অৱৰোধ কৰি দিল্লীলৈ যাত্রা কৰে৷ কৃষকে ট্রেক্টৰেৰে দিল্লীলৈ প্রতিবাদী কার্যসূচী উলিৱাওঁতেই নিৰাপত্তা বাহিনীয়ে বাধা প্রদান কৰে৷ এই লৈ নিৰাপত্তা বাহিনী আৰু প্রতিবাদী কৃষকৰ মাজত বিক্ষিপ্ত ঘটনা সংঘটিত হয়৷ নিৰাপত্তা বাহিনীয়ে আনকি প্রতিবাদী কৃষকৰ ট্রেক্টৰৰ চাবি কাঢ়ি নি যাত্রাত বাধা প্রদান কৰে৷ ট্রেক্টৰ লৈ প্রতিবাদ কৰা প্রায় ২০জন কৃষকক আটক কৰাৰ পাছত দুশতকৈ অধিক কৃষকে ঘাইপথত বহি কৃষককেইগৰাকীৰ মুক্তিৰ দাবীৰে ধর্ণা দিয়ে৷ আনপিনে কৃষকৰ সমর্থনত অনশন কৰা দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালক ভণ্ডামি কৰা বুলি অভিযোগ কৰিছে বিজেপিয়ে৷ কৃষকৰ আন্দোলনক লৈ পঞ্জাবৰ মুখ্যমন্ত্রী কেপ্ঢেইন অমৰিন্দৰ সিং আৰু দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালৰ মাজত বাকযুদ্ধ চলিছে৷ প্রতিবাদী কৃষক সংগঠনৰ অন্যতম ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি গুৰনাম সিং ছাদুনীয়ে কয় যে এম এছ পি দিয়া হ’ব বুলি বিজেপিয়ে ভুৱা প্রচাৰ চলাইছে৷
আইন প্রত্যাহাৰ নহ’ব, প্রতিবাদী কৃষকৰ লগত আইনখনৰ দফাই দফাই আলোচনা কৰা হ’ব ঃ কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ, অল ইণ্ডিয়া কিষাণ কো–র্ডিনেচন কমিটীৰ সৈতে সংযুক্ত ছয় ৰাজ্যৰ ১০ কৃষক সংগঠনৰ কৃষিমন্ত্রীক সাক্ষাৎ কৰি আইনৰ সমর্থন
প্রতিবাদী কৃষক সংগঠনৰ প্রতিনিধিৰে তিনিবাৰকৈ আলোচনাত মিলিত হোৱা কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে তিনি কৃষি আইন প্রত্যাহাৰ কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ কেন্দ্রীয় কৃষিমন্ত্রীগৰাকীক দেশৰ ৬ ৰাজ্যৰ ১০টা কৃষক সংগঠনে সমর্থন জনাই তেওঁক সাক্ষাৎ কৰাৰ পাছতেই কৃষি আইন প্রত্যাহাৰ কৰা নহ’ব বুলি সংবাদ মাধ্যমত প্রকাশ কৰিছে৷ অল ইণ্ডিয়া কিষাণ কো–র্ডিনেচন কমিটীৰ সৈতে জড়িত উত্তৰ প্রদেশ, কেৰালা, তামিলনাডু, তেলেংগানা, বিহাৰ আৰু হাৰিয়ানাৰ ১০ সংগঠনে তিনি কৃষি আইনক সমর্থন জনাই কৃষিমন্ত্রীগৰাকীক সাক্ষাতৰ কেইঘণ্টামানৰ পাছতে কৃষিমন্ত্রীগৰাকীয়ে কয় যে আইন প্রত্যাহাৰ কৰা নহ’ব৷ প্রতিবাদী কৃষকৰ সৈতে আলোচনাৰ বাবে চৰকাৰ সাজু৷ তেওঁলোকৰ পৰা সঁহাৰিৰ অপেক্ষা কৰি আছে৷ চৰকাৰে এই কথা স্পষ্ট কৰি দিছে যে আইনৰ দফাই দফাই কৃষকৰ সৈতে আলোচনা কৰা হ’ব৷ উল্লেখ্য যে ১০টাকৈ কৃষক সংগঠনে তিনি কৃষি আইনক সমর্থন জনাই কৃষিমন্ত্রীগৰাকীক সাক্ষাতক লৈ প্রতিবাদী কৃষকৰ মাজত বিভেদ হোৱা বুলি চর্চিত বাতৰি অস্বীকাৰ কৰিছে ভাৰতীয় কৃষাণ ইউনিয়নৰ সভাপতি গুৰনাম সিং ছাদুনীয়ে৷ আনপিনে ১০ কৃষি সংগঠনৰ সৈতে বৈঠকত মিলিত হোৱাৰ পূর্বে কৃষিমন্ত্রী টোমৰে আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাসগৃহত মিলিত হয়৷ এই বৈঠকত কি সিদ্ধান্ত লোৱা হৈছে, সেই সন্দর্ভত এতিয়াও প্রকাশ হোৱা নাই৷ লক্ষণীয় যে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কৃষি খণ্ডত কোনো পশ্চাৎগামী পদক্ষেপ গ্রহণ কৰাৰ কোনো প্রশ্ণ নুঠে বুলিও কয়৷ দেশৰ কৃষকৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখি তিনি কৃষি আইনৰ জৰিয়তে কৃষি খণ্ডত সংস্কাৰ অনা হৈছে৷ আনহাতে, হাৰিয়ানাৰ উপ–মুখ্যমন্ত্রী তথা জে জে পিৰ নেতা দুষ্যন্ত চৌতালাই কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিক বাসভৱনত সাক্ষাৎ কৰে৷ তিনি কৃষি আইনক লৈ কৃষকসকলে চলাই থকা সমস্যা সমাধানৰ বাবে কেন্দ্রীয় মন্ত্রী গাডকাৰিক আলোচনাৰ সময়ত আহ্বান জনায় হাৰিয়ানাৰ উপ–মুখ্যমন্ত্রী চৌতালাই৷ গুৰুত্বপূর্ণ যে হাৰিয়ানাৰ বিজেপি চৰকাৰৰ মিত্রদল জে জে পিৰ নেতা চৌতালাই ইতিপূর্বে কৃষি আইন সন্দর্ভত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙকো সাক্ষাৎ কৰিছে৷
দিল্লী সীমান্তৰ পৰা কৃষকক আঁতৰাই আন প্রতিবাদস্থলীলৈ নিবলৈ আহ্বান জনোৱা আবেদনৰ শুনানি ১৬ ডিচেম্বৰত ল’ব উচ্চতম ন্যায়ালয়ে
বিগত ১৮ দিন ধৰি দিল্লী সীমান্তত বাহৰ পাতি যাতায়াত ব্যৱস্থা ব্যাহত কৰি ৰখা প্রতিবাদী কৃষকক আন স্থানলৈ স্থানান্তৰ কৰাক লৈ জনোৱা আবেদনৰ শুনানি অহা ১৬ ডিচেম্বৰত গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে৷ ঋষভ শর্মা নামৰ আইনৰ ছাত্র এজনে দিল্লীৰ সীমান্তত প্রতিবাদ কৰা কৃষকক শীঘ্রে নির্ধাৰিত স্থানলৈ স্থানান্তৰিত কৰিবলৈ জনোৱা আবেদনখনৰ শুনানি ১৬ ডিচেম্বৰত লোৱা হ’ব বুলি ক’জ তালিকাত প্রকাশ পাইছে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামসুব্রমণিয়মৰ বিচাৰপীঠে এই আবেদনৰ শুনানি ল’ব৷ আবেদনত উল্লেখ কৰা মতে, দিল্লী সীমান্তত চলি থকা প্রতিবাদৰ বাবে পথসমূহ প্রতিবাদকাৰীয়ে বন্ধ ৰাখিছে আৰু সীমান্তৰ পইণ্টসমূহ বন্ধ হৈছে৷ যাৰ বাবে দিল্লীলৈ আহিবলগীয়া চুবুৰীয়া ৰাজ্যৰ যান–বাহন আৰু লোক বাধাৰ সন্মুখীন হৈছে৷ চিকিৎসা সম্পর্কীয় কাৰণত দিল্লীত প্রতিষ্ঠিত চৰকাৰী আৰু বেচৰকাৰী হাস্পতাললৈ আহিবলগীয়া ৰোগী বাধাৰ সন্মুখীন হৈছে৷ প্রতিবাদকাৰীসকলে জৰুৰীকালীন সেৱা আৰু চিকিৎসা সেৱাও বন্ধ কৰি ৰাখিছে৷ এনে ক্ষেত্রত শীঘ্রে এই প্রতিবাদকাৰীক নির্ধাৰিত স্থান দি তালৈ স্থানান্তৰিত কৰিব লাগে৷

You might also like