নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ সৈতে আলোচনাত বহক ভাৰতঃ ফাৰুক আব্দুল্লা

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ  সন্ত্রাসবাদৰ প্রতি সদায়ে নৰম ভাবাপন্ন নেচনেল কনফাৰেন্সৰ মুৰব্বী তথা জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লাই তালিবানৰ সৈতে ভাৰতক আলোচনাত বহিবলৈ আহ্বান জনাইছে৷ নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই তালিবানৰ সৈতে ভাৰতে আলোচনাত বহাৰ যুক্তি প্রদর্শন কৰি কয় যে আফগানিস্তানৰ পূর্ব চৰকাৰৰ সময়ত ভাৰতে বিশাল পৰিমাণৰ ধন বিনিয়োগ কৰিছে৷ এনে পৰিপ্রেক্ষিতত তালিবানে যাতে সেই বিনিয়োগৰ নেতিবাচক প্রভাৱ পেলাব নোৱাৰে তাৰ বাবে আফগানিস্তানৰ নতুন শাসক তালিবানৰ সৈতে ভাৰতে আলোচনাত বহাটো উচিত৷

তাৎপর্যপূর্ণ যে পাকিস্তানৰ প্রতি দৰদ থকা ফাৰুক আব্দুলাই আফগানিস্তানত তালিবানে চৰকাৰ গঠন কৰাৰ পাছতে তালিবানে সুশাসন দিব পাৰিব বুলি আশা প্রকাশ কৰিছিল৷ তদুপৰি আফগানিস্তানত মানৱাধিকাৰক তালিবানে সন্মান জনাব বুলিও আশা প্রকাশ কৰি মন্তব্য কৰিছে৷ তালিবানক প্রশংসা কৰি আগবঢ়োৱা ফাৰুক আব্দুল্লাৰ মন্তব্যই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ তালিবানৰ সৈতে ভাৰতক আলোচনাত বহিবলৈ আহ্বান জনাইছে৷

You might also like