এনচিক কাশ্মীৰত লাগে ৩৭০ অনুচ্ছেদ
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ নেচনেল কনফাৰেঞ্চ (এনচি) মুৰব্বী তথা জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লাই উল্লেখ কৰিছে যে নির্বাচন অনুষ্ঠিত হ’লে নেচনেল কনফাৰেঞ্চ দলে প্রতিদ্বন্দ্বিতা কৰাটো নিশ্চিত৷ যেতিয়াই জম্মু–কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব তেতিয়াই প্রতিদ্বন্দ্বিতাৰ বাবে দলটো সাজু বুলি উল্লেখ কৰি আব্দুলাই কয় যে জম্মু–কাশ্মীৰত সংবিধান বিলুপ্তি ঘটোৱা ৩৭০ আৰু ৩৫(এ) অনুচ্ছেদ পুনৰ প্রৱর্তনৰ বাবে যুঁজ কৰি যোৱা হ’ব৷
উল্লেখনীয় যে নিজৰ পিতৃৰ মৃত্যুবার্ষিকীত সমাধিক্ষেত্রত শ্রদ্ধা নিবেদন কৰিবলৈ যোৱাৰ সময়ত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত এই কথা উল্লেখ কৰিছে আব্দুল্লাই৷ নেচনেল কনফাৰেঞ্চে সদায় জম্মু–কাশ্মীৰত সংবিধানৰ ৩৭০ আৰু ৩৫ (এ) অনুচ্ছেদ পুনৰ প্রৱর্তনৰ কাৰণে যুঁজ কৰি যাব বুলি নেতাগৰাকীয়ে স্পষ্ট কৰি দিছে৷.