নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসৰ কুচকাৱাজত বায়ুসেনাৰ মহিলা পাইলট

ৰীতি সলনিৰ সূচনা হৈছিল এবছৰ আগেয়ে। এইবাৰো গণৰাজ্য দিৱসৰ কুচকাৱাজত সেই ধাৰা বৰ্তি থাকিল। দিল্লীৰ ৰাজপথত কুচকাৱাজত ভাৰতীয় বায়ুসেনাৰ প্ৰদৰ্শনত দেখা গ’ল ভাৰতীয় বায়ুসেনাৰ আৰু এগৰাকী যুদ্ধবিমান চালক শিৱাংগী সিঙক। ফ্লাইট লেফটেনেন্ট শিৱাংগী বায়ুসেনাৰ ৰাফেল যুদ্ধ বিমানৰ প্রথম মহিলা পাইলট।

২০২১ চনত প্রথম মহিলা যুঁজাৰু জেট চালক হিচাপে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশ লৈছিল ভাৱনা কন্থই। ভাৰতীয় বায়ুসেনা বাহিনীৰ প্রথম তিনিগৰাকী মহিলা বিমানচালকৰ অন্যতম তেওঁ। দ্বিতীয় যুদ্ধবিমান চালক হিচাপে দিল্লীৰ কুচকাৱাজত দেখা গল শিৱাংগীক। উত্তৰ প্রদেশৰ বাৰাণসীৰ বাসিন্দা শিৱাংগী ২০১৭ চনত ভাৰতীয় বায়ুসেনাত যোগ দিছিল।

You might also like