নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ ৰাজস্থানৰ নীমৰাণাত পাঁচজনীয়া এক অপৰাধী চক্রই এগৰাকী ব্যৱসায়িক হত্যাৰ অপচেষ্টা চলাবলৈ আহি দুগৰাকী মহিলাক ধর্ষণ কৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মহিলা দুগৰাকীক পিষ্টল দেখুৱাই ধর্ষণ কৰা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ শুকুৰবাৰে নিশা এখন হোটেলত পাঁচজনীয়া এই অপৰাধী চক্রটোৱে প্রৱেশ কৰি হঠাতে মহিলাকর্মীৰ ৰুমত গৈ হাজিৰ হয়৷ ইয়াতেই হোটেলখনৰ দুগৰাকী মহিলা পিষ্টল দেখুৱাই বলাৎকাৰ কৰে অপৰাধীকেইটাই৷
তাৎক্ষণিকভাৱে হোটেলৰ পৰিচালকগৰাকীয়ে আৰক্ষীক গৈ ৫ অস্ত্রধাৰী লোকে হোটেলখনত প্রৱেশ কৰা বুলি খবৰ দিয়ে৷ আৰক্ষীয়ে ততাতৈয়াকৈ আহি মহিলা দুগৰাকীক উদ্ধাৰ কৰাৰ উপৰি পাঁচোটা দুর্বৃত্তক গ্রেপ্তাৰ কৰে৷ দুর্বৃত্তকেইটাই জেৰাৰ সময়ত উল্লেখ কৰা অনুসৰি এগৰাকী ব্যৱসায়ীক ২০ কোটি টকা দাবী কৰা হৈছিল৷ এই ধন নিদিলে ব্যৱসায়ীগৰাকীক হত্যা কৰাৰ উদ্দেশ্যে আহি হোটেলখনত আশ্রয় লৈছিল বুলি দুর্বৃত্তকেইটাই আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে৷ অপৰাধী চক্রটোৰ হাতৰ পৰা আৰক্ষীয়ে দুটা পিষ্টলসহ কেইবাজাঁয়ো সক্রিয় গুলী জব্দ কৰিছে৷