পাশৱিক! মোবাইল আৰু মটৰ চাইকেলৰ বাবে নিজ কন্যাক বিক্ৰী
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ প্ৰবাদ আছে কন্যাই সদায় দেউতাকক বেছি ভাল পাই আৰু পুত্ৰই মাকক। কিন্তু বৰ্তমান সময়ত সকলো সম্বন্ধবোৰ জটিল হৈ পৰিছে। মানুহে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ আপোন জনক আঘাত হানিবলৈ কুণ্ঠাবোধ নকৰে। তেনেধৰণৰ এক ঘটনা কৰ্ণাটকৰ চিক্কাবালপুৰ (Chikkabalpur) পোহৰলৈ আহিছে।
বাংগালুৰুৰ পৰা মাত্ৰ ৬০ কিঃমিঃ দূৰত্বত অৱস্থিত চিক্বালবলপুৰৰ চিন্তামণীৰ তিনকল গাঁৱৰ কেইবাজনো লোকে নিজ কন্যাক বিক্ৰী কৰাৰ অভিযোগত পিতৃৰ বিৰুধে থানাত গোচৰ তৰে। আৰক্ষী যেতিয়া গাওঁখনত উপস্থিত হয় তেতিয়া অভিযুক্ত পিতৃৰ সকলো কথা বাহিৰলৈ আহে । মাত্ৰ তিনিমাহ পূৰ্বে পত্নীয়ে কন্যা শিশুৰ জন্ম দিছিল। কিন্তু কন্যা শিশুটিৰ পিতৃয়ে মটৰ চাইকেল আৰু মোবাইল ফোনৰ বাবে ১ লাখ টকাত এহাল দম্পত্তিক কন্যা শিশুটিক বিক্ৰী কৰিছিল।
আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে কন্যা শিশুটিৰ বিক্ৰীৰ কথা মাকে বিৱৰি ক’লে। আৰক্ষীয়ে শিশুকল্যাণ বিভাগৰ অধিকাৰীৰ লগত সম্পৰ্ক স্থাপন কৰি কন্যা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে আৰক্ষীয়ে অভিযুক্ত পিতৃক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।