নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সংক্রমণৰ বাবে জগৰীয়া চীন

নিয়মীয়া বাৰ্তা ২৫ জুনঃ চীনৰ য়ুহানৰ পৰীক্ষাগাৰতেই ক’ভিড–১৯ মহামাৰীৰ সৃষ্টি কৰা হৈছিল৷ য়ুহানৰ পৰীক্ষাগাৰৰ পৰাই এই মহামাৰী বিশ্বজুৰি বিয়পি পৰিছিল বুলি আমেৰিকাৰ ৬০ শতাংশ লোকে বিশ্বাস কৰে৷ ফক্স নিউজে চলোৱা এক সমীক্ষা অনুসৰি ৬০ শতাংশ আমেৰিকান নাগৰিকৰ মতে বিশ্বজুৰি মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবেই জগৰীয়া চীন৷ চীনৰ বাবেই বিশ্বৰ বিভিন্ন দেশত লাখ লাখ লোকে মহামাৰীত প্রাণ হেৰুওৱা বুলিও এই সমীক্ষাত আমেৰিকান নাগৰিকসকলৰ গৰিষ্ঠসংখ্যকে দাবী কৰিছে৷ যোৱা ১৯ৰ পৰা ২২ জুনলৈ ফক্স নিউজে দেশখনৰ নাগৰিকসকলক লৈ চলাইছিল এই সমীক্ষা৷

লক্ষণীয়ভাৱে ৩১ শতাংশ আমেৰিকান নাগৰিকে প্রকৃতিৰ পৰা ক’ৰোনা ভাইৰাছ মহামাৰীৰ উৎপত্তি ঘটা বিষয়টোক মানিবলৈ অস্বীকাৰ কৰিছে৷ এই সমীক্ষাত ৫০ শতাংশ লোকে দাবী কৰিছে যে আমেৰিকান নাগৰিকসকলৰ জীৱন ধাৰণ প্রক্রিয়া সলনি কৰি দিছে মহামাৰীয়ে৷ সেইদৰে ৪২ শতাংশই মহামাৰীয়ে সলনি কৰা এই জীৱন ধাৰণ প্রক্রিয়া অস্থায়ী বুলি দাবী কৰিছে৷ স্মর্তব্য যে চলিত বর্ষৰ ফেব্রুৱাৰী মাহত বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পৰীক্ষাগাৰৰ পৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটিছিল বুলি আমেৰিকাই যি যুক্তি দর্শাই আহিছে সেয়া সম্পূর্ণ ভুল বুলি দাবী কৰিছিল৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ দাবী সত্ত্বেও আমেৰিকাৰ সংবাদ মাধ্যমে ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণৰ বাবে চীন জগৰীয়া বুলি বিভিন্ন সময়ত অভিযোগ কৰি আহিছে৷ আনকি এই অভিযোগক সত্য বুলি প্রতিপন্ন কৰিবলৈ সংবাদ সংস্থাসমূহে সঘনে সমীক্ষা প্রকাশ কৰি আহিছে৷ শেহতীয়াকৈ ফক্স নিউজৰ সমীক্ষাই সেই কথাকে স্পষ্ট কৰিছে৷

You might also like