নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ কাৰাগাৰৰ পৰা ওলায়েই মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেক হুংকাৰ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অসম সন্তান অর্ণৱ গোস্বামীৰ৷ দুবছৰ পুৰণি আত্মহত্যাৰ গোচৰ এটা পুনৰ মুকলি কৰি কাৰাবন্দী কৰা বিশিষ্ট সাংবাদিক অর্ণৱ গোস্বামীক কালি বিয়লি উচ্চতম ন্যায়ালয়ে অন্তর্ৱর্তীকালীন জামিন মঞ্জুৰ কৰাৰ পাছতেই নিশাই কাৰাগাৰৰ পৰা মুক্ত হয় গোস্বামী৷ কাৰাগাৰৰ বাহিৰত কেইবাসহস্র লোকৰ ভিৰৰ মাজত বিশিষ্ট সাংবাদিক গোস্বামীয়ে তেওঁ কাৰাগাৰৰ পৰা মুকলি হোৱাটো ভাৰতবাসীৰ জয় বুলি আখ্যা দিয়ে৷ মুক্ত গোস্বামীয়ে নিশাই ৰিপাব্লিক টিভিৰ ষ্টডি’লৈ পোনপটীয়া সম্প্রচাৰযোগে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ দেশ প্রথম, দেশৰ হিতৰ স্বার্থত সত্যৰ হকে কাম কৰাত তেওঁলোকক কোনেও বাধা দি ৰাখিব নোৱাৰে বুলি মুখ্যমন্ত্রীগৰাকীক প্রত্যাহ্বান জনাই সাংবাদিক গোস্বামীয়ে কয়– মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীগৰাকীয়ে সংবিধানৰ শপত লৈ সংবিধান উলংঘা কৰি কাম কৰিছে৷ মহাৰাষ্ট্রৰ বাবে কোনো কাম নকৰি তেওঁলোকৰ চেনেলটোৰ পাছত লাগি আছে৷ সাংবাদিকক গ্রেপ্তাৰ কৰি ষ্টুডি’ৰ ভিতৰত কি ছফ্টৱেৰ আছে, কিমানজনে কাম কৰে আদি প্রশ্ণ কৰি ব্রিটিছৰাজ চলাইছে৷ তদুপৰি মুখ্যমন্ত্রী থাকৰেই তেওঁৰ দুই সহযোগীৰ সৈতে মিলি সংবিধান উলংঘন কৰি কাম কৰি আছে বুলি সৰৱ হয় বিশিষ্ট সাংবাদিক গোস্বামী৷ মুখ্যমন্ত্রীক প্রত্যাহ্বান জনাই সাংবাদিক গোস্বামীয়ে কয় যে পাৰে যদি তেওঁলোকৰ যাত্রা মুখ্যমন্ত্রীয়ে স্তব্ধ কৰক৷ অহা ১১ মাহৰ ভিতৰতে দেশৰ প্রতিটো প্রান্তত আঞ্চলিক ভাষাত চেনেল মুকলি কৰা হ’ব৷ ইয়াতকৈ অধিক প্রত্যাহ্বান জনাই সাংবাদিক গোস্বামীয়ে তেওঁৰ টিভি চেনেল আন্তর্জাতিক পর্যায়লৈ উন্নীত কৰিব বুলিও মুখ্যমন্ত্রীগৰাকীক সকীয়াই দিয়ে৷ উল্লেখ্য যে ২০১৮ চনৰ মে’ মাহত আত্মহত্যা কৰা ইণ্টেৰি’ৰ ডিজাইনাৰ এজনৰ ছুইচাইড নোটৰ আধাৰত আলিবাগ থানাত অর্ণৱ গোস্বামীসহ তিনিজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ কিন্তু আৰক্ষীয়ে তদন্তত কোনো তথ্য–সাক্ষ্য নোপোৱাত সেই গোচৰ বন্ধ কৰা বুলি আদালতত আবেদন দাখিল কৰে৷ আশ্চর্যজনকভাৱে পালঘৰত সাধুক হত্যা আৰু বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুক লৈ মহাৰাষ্ট্র চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামীক আক্রোশমূলকভাৱে মহাৰাষ্ট্র আৰক্ষীয়ে যোৱা ৪ নৱেম্বৰৰ পুৱা বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰে৷ নিম্ন আদালতে ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়া সাংবাদিক গোস্বামীক বোম্বে উচ্চ ন্যায়ালয়ে অন্তর্ৱর্তীকালীন জামিন মঞ্জুৰ নকৰে যদিও কালি উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে৷ আঠ দিনৰ মূৰত মুম্বাইৰ তালোজা কাৰাগাৰৰ পৰা কালি নিশা সাংবাদিক গোস্বামী মুকলি হয়৷