অমিক্রনক প্রতিহত কৰাৰ বাবে ৰাজ্যসমূহক সতর্ক হোৱাৰ নির্দেশ কেন্দ্রৰ
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ক’ভিড মহামাৰীৰ অমিক্রন সংক্রমণ প্রতিৰোধ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক অতি সতর্ক হ’বলৈ নির্দেশ দিছে মোদী চৰকাৰে৷ ইয়াৰ প্রথম পদক্ষেপ হিচাপে ক’ৰোনাৰ পৰীক্ষা শীঘ্রে বৃদ্ধি কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ইয়াৰ উপৰি যিবোৰ অঞ্চলত শেহতীয়াকৈ ক’ৰোনাৰ সংক্রমণ ধৰা পৰিছে সেই অঞ্চলসমূহত নজৰদাৰি বৃদ্ধি কৰাৰো নির্দেশ দিছে কেন্দ্রীয় চৰকাৰে৷ আজি কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এই বিষয়টোক লৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত মুখ্য সচিবলৈ পত্র প্রেৰণ কৰিছে৷ বিদেশৰ পৰা অহা যাত্রীসকলৰ ওপৰত বিদেশ নজৰ দিয়াৰ কথা উল্লেখ কৰা হৈছে এই পত্রত৷ স্মর্তব্য যে ক’ৰোনাৰ অমিক্রনৰ সংক্রমণ অতি ভয়াৱহ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সতর্কবাণী কৰিছে৷