নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীন ভাৰতত প্রথমবাৰলৈ ফাঁচি দিয়া হ’ব মহিলাক

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ আমৰোহা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হৈ মৃত্যুদণ্ডৰ ৰায় লাভ কৰা শ্ববনমক ফাঁচি দিবলৈ উত্তৰ প্রদেশৰ মথুৰা কাৰাগাৰত তৎপৰতা আৰম্ভ হৈছে৷ উল্লেখনীয় যে উচ্চতম ন্যায়ালয়ে শ্ববনমৰ বিৰুদ্ধে প্রদান কৰা ৰায়ৰ পর্যালোচনাৰ আবেদন অগ্রাহ্য কৰাৰ পিছত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দেও ক্ষমাদানৰ আবেদন অগ্রাহ্য কৰিছে৷ মৃত্যু পৰোৱানা জাৰি হোৱা শ্ববনমক মথুৰা কাৰাগাৰত ফাঁচি দিয়া হ’ব৷

উল্লেখনীয় যে ১৯৭০ চনত মথুৰা জিলা কাৰাগাৰ গঢ়ি তোলা হৈছে৷ দেশৰ ভিতৰত এইখনেই একমাত্র কাৰাগাৰ, য’ত মহিলাক ফাঁচি দিয়াৰ বাবে এটা কক্ষ ৰখা হৈছে৷ কিন্তু স্বাধীনতা লাভৰ পিছত আজিলৈকে দেশত কোনো মহিলাক মৃত্যুদণ্ড দিয়া হোৱা নাই৷ ইতিমধ্যে জল্লাদ পৱনে ফাঁচি দিয়া কক্ষ পৰিদর্শন কৰি গৈছে৷

২০০৮ চনত প্রেমিক শ্বেলিমৰ সৈতে লগ হৈ নিজ পৰিয়ালৰ সাতগৰাকী লোকক নৃশংসভাৱে হত্যা কৰা গোচৰত দোষী সাব্যস্ত কৰা হৈছে শ্ববনমক৷ শ্ববনমৰ লগতে ছেলিমলৈও মৃত্যুদণ্ডৰ ৰায় শুনাইছে আদালতে৷ এই হত্যাকাণ্ডৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ পৰৱর্তী সময়ত এয়া শিহৰণকাৰী আমৰোহাৰ হত্যাকাণ্ড হিচাপে দেশজুৰি চর্চিত হয়৷

You might also like