চৰকাৰক সমালোচনাৰ বাবেই জর্দানৰ প্রাক্তন ৰাজকুমাৰ হামজাক গৃহবন্দী
নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ জর্দানৰ প্রাক্তন ৰাজকুমাৰ হামজা বিন হুছেইনক গৃহবন্দী কৰা হৈছে৷ দেশখনৰ সম্রাট আব্দুল্লাৰ সতীয়া ভাতৃ হামজা বিন হুছেইনক চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰাৰ বাবেই এনেদৰে গৃহবন্দী কৰা হৈছে বুলি হামজাই সংবাদ মাধ্যমক জনাইছে৷
সংবাদ সংস্থা বি বি চিলৈ ইতিমধ্যে হামজাৰ অধিবক্তাই এক ভিডিঅ’ প্রেৰণ কৰিছে৷ স্মর্তব্য যে দেশখনৰ নেতৃত্বক দুর্নীতিত লিপ্ত থকা বুলি কঠোৰ সমালোচনা কৰি আহিছে হামজা বিন হুছেইনে৷ আনকি চৰকাৰৰ সমালোচনা কৰা লোকক বিভিন্ন সময়ত আতিশয্য চলাই অহা হৈছে বুলিও প্রাক্তন ৰাজকুমাৰগৰাকীয়ে অভিযোগ কৰি আহিছে৷
ইয়াৰ বাবেই হামজাক গৃহবন্দী কৰা বুলি ধাৰণা কৰা হৈছে৷ স্মর্তব্য যে শেহতীয়াকৈ দেশখনত এক অভ্যুত্থানৰ পৰিকল্পনা চলোৱাৰ অভিযোগত কেইবাগৰাকীও শীর্ষস্থানীয় বিষয়ববীয়াক গ্রেপ্তাৰ কৰা হৈছে৷ হামজাৰ গ্রেপ্তাৰ এই ঘটনাৰে এক অংশ বিশেষ বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশেষজ্ঞসকলে৷