প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যু, এগৰাকী দিগগজ ৰাজনীতিক…
নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ আজি সন্ধিয়াৰ ভাগত ৮৪ বছৰ বয়সত মৃত্যু হয়। পুত্ৰ অভিজিত মুখাৰ্জীয়ে টুইটযোগে পিতৃৰ মৃত্যুৰ বাতৰি দেশবাসীক অৱগত কৰায়। ৰাষ্ট্ৰপতিগৰাকীক শাৰীৰিক অসুস্থতাৰ বাবে দিল্লীস্থিত সেনা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াতে তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰো কৰা হয়। কিন্তু ক্ৰমান্বয়ে জটিলতৰ অৱস্থালৈ গতি কৰে ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য আৰু আজি সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে।
দেশৰ ১৩ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে ২০১২ চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে। কংগ্ৰেছ দলৰ এগৰাকী দিগগজ নেতা মুখাৰ্জীয়ে বিদেশ, প্ৰতিৰক্ষা, বাণিজ্য আৰু বিত্ত মন্ত্ৰিত্বৰ পদবীত থাকিও দেশৰ সেৱা আগবঢ়াইছিল।
প্ৰয়াত মুখাৰ্জীয়ে ১৯৬৯ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৫ বাৰকৈ আৰু ২০০৪ৰ পৰা দুবাৰ লোকসভাৰ সাংসদ আছিল। ১৯৩৫ চনত পশ্চিমবংগৰ বৰ্তমানৰ বিৰভূম জিলাত জন্মগ্ৰহণ কৰা নেতাগৰাকীয়ে ২০০৮ চনত পদ্ম বিভূষণ, ২০১৯ চনত ভাৰত ৰত্ন বঁটাৰে সন্মানিত হৈছিল।
তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ছোনিয়া গান্ধী আদি আগশাৰীৰ নেতা-ৰাজনীতিকে শোক প্ৰকাশ কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে।