নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ জম্মু–কাশ্মীৰৰ পুলৱামাত কালি নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত হৈছে দুটা সন্ত্রাসবাদী৷ কালি পুৱাৰ ভাগতে সন্ত্রাসবাদীৰে নিৰাপত্তা বাহিনীৰ সংঘর্ষৰ সূত্রপাত ঘটিছে৷ লক্ষণীয়ভাৱে মাত্র দুটা দিনৰ ভিতৰতে দক্ষিণ কাশ্মীৰত সংঘর্ষত নিহত হৈছে চাৰিটাকৈ সন্ত্রাসবাদী৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি পুলৱামাত সন্ত্রাসবাদী দুটা নিহত হোৱাৰ পিছতে নিৰাপত্তা বাহিনীয়ে চলাই আছে তালাচী অভিযান৷ দক্ষিণ কাশ্মীৰৰ ছ’পিয়ানত কালি সংঘর্ষত নিহত হৈছিল দুটা সন্ত্রাসবাদী৷
মঙলবাৰে পুনৰ দুটা সন্ত্রাসবাদী পুলৱামাত নিহত হোৱাৰ লগে লগে সমগ্র দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে অভিযান তীব্রতৰ কৰিছে৷ ইফালে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা এ কে–৪৭ ৰাইফল আৰু এটা পিষ্টল উদ্ধাৰ কৰিছে৷
শেহতীয়াকৈ চোৰাংচোৱা সংস্থাই দক্ষিণ কাশ্মীৰৰ বিভিন্ন স্থানত সন্ত্রাসবাদীয়ে সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ বাবে চেষ্টা চলোৱা বুলি তথ্য লাভ কৰিছে৷ চোৰাংচোৱাৰ তথ্য লৈয়েই নিৰাপত্তা বাহিনীয়ে দক্ষিণ কাশ্মীৰৰ বিভিন্ন স্থানত চলাই আছে মাৰাথন তালাচী অভিযান৷