নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনো ছুটী নোলোৱাকৈ একেৰাহে ২০ বছৰ ধৰি কাম কৰি আছে মোদীয়ে

কর্ম নিদর্শনৰ মাইলৰ খুঁটি স্থাপন প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ  ৰাজনৈতিক জীৱনত আন এক মাইলৰ খুঁটি স্থাপন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ বিশ্রামবিহীনভাৱে অর্থাৎ এদিনো ছুটী নোলোৱাকৈ নির্বাচিত প্রতিনিধি হিচাপে চৰকাৰী কার্যালয়ত কর্মৰতৰ ২০ বছৰত পদার্পণ কৰি প্রধানমন্ত্রী মোদীয়ে বিৰল ইতিহাস ৰচিলে৷ প্রধানমন্ত্রী হিচাপে ২০১৪ চনত দায়িত্ব গ্রহণ কৰাৰ পূর্বে নৰেন্দ্র মোদীয়ে গুজৰাটত একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিছিল৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লৈ নৰেন্দ্র মোদীয়ে বিজেপিক শক্তিশালী কৰাৰ লগতে কেন্দ্রত কংগ্রেছক উৎখাত কৰি বিজেপি নেতৃত্বাধীন এন ডি এক শাসনলৈ অনাত অগ্রণী ভূমিকা গ্রহণ কৰিছে৷ নৰেন্দ্র মোদীৰ শক্তিশালী নেতৃত্ব আৰু দেশবাসীৰ মাজত অপাৰ জনপ্রিয়তাৰ বাবে ২০১৪ চনৰ পাছত ২০১৯ চনৰ লোকসভা নির্বাচনতো বিজেপি নেতৃত্বাধীন এন ডি এই অভাৱনীয় সফলতা লাভ কৰি শাসনৰ গাদীত অধিষ্ঠিত হৈছিল৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱা নৰেন্দ্র মোদীয়ে প্রথমটো কার্যকালত এদিনো ছুটী লোৱা নাছিল কিম্বা বিৰতিবিহীনভাৱে কার্যভাৰ চলাই গৈছিল৷ তেনেদৰে দ্বিতীয়টো কার্যকালতো প্রধানমন্ত্রী মোদীয়ে বিৰতিবিহীনভাৱে কার্যভাৰ চলাই আছে৷ উল্লেখ্য যে ২০০১ চনৰ ৭ অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰি পিছলৈ একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রী পদত অধিষ্ঠিত মোদীয়ে ২০১৪ চনত প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে৷ গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰাৰ সময়ত ৰাজ্যখনত অনেক ক্ষেত্রত আত্মদক্ষ কৰি তুলিছিল আৰু দেশজুৰি গুজৰাট মডেল চর্চিত হৈছিল৷ গুজৰাট মডেলৰ আর্হিতেই ২০১৪ চনত মোদীৰ নেতৃত্বত বিজেপিয়ে দিল্লীৰ গাদী দখল কৰিছিল৷ ২০০৭ চনত দ্বিতীয়বাৰ আৰু ২০১২ চনত তৃতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্রী হোৱা মোদীয়ে ২০১৪ আৰু ২০১৯ চনত প্রধানমন্ত্রী হিচাপে শপতগ্রহণ কৰে৷ বিৰতিবিহীনভাৱে নির্বাচিত প্রতিনিধি হিচাপে চৰকাৰী কার্যালয়ত কর্মৰত হোৱাৰ ২০ বছৰত পদার্পণ কৰা সন্দর্ভত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় আইনমন্ত্রী ৰবিশংকৰ প্রসাদে টুইটত কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদী বিশ্বৰ নির্বাচিত চৰকাৰৰ দীঘলীয়াকৈ কার্যনির্বাহ কৰা মুৰব্বীৰ ভিতৰত এজন৷ ই প্রতি ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়৷ তেওঁক অধিক শক্তি দিয়ক যাতে ভাৰত আৰু পৃথিৱী সমৃদ্ধিশালী কৰি শান্তি আৰু সুস্থিৰতা বর্তাই ৰখাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে৷ কেন্দ্রীয় আইনমন্ত্রীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি বিল ক্লিণ্টন, জর্জ ডব্লিউ বুশ্ব, ফ্রেংক লিন ৰুজভেল আৰু গ্রেট ব্রিটেইনৰ প্রাক্তন প্রধানমন্ত্রী প্রয়াত মার্গাৰেট থেচাৰৰ সৈতে তুলনা কৰে মোদীক৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডায়ো প্রধানমন্ত্রী মোদীৰ এই কৃতিত্বক প্রশংসা কৰে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথেও বিৰতিবিহীনভাৱে দেশ সেৱা কৰি থকা প্রধানমন্ত্রী মোদীক প্রশংসা কৰে৷

You might also like