নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত জিডিপি হ্রাস পাব ১০ লাখ কোটি টকা

নিয়মীয়া বাৰ্তা ১৮ জুলাইঃ ক’ভিড–১৯ মহামাৰীয়ে ভাৰতৰ অর্থনীতিলৈ কঢ়িয়াই আনিছে ভয়াৱহ পৰিস্থিতি৷ ২০১৯–২০ বর্ষটোত স্বাভাৱিক অৱস্থাত ভাৰতৰ মুঠ জি ডি পি আছিল ২০৩ লাখ কোটি টকা৷ কিন্তু ২০২০ –২১ বর্ষত জি ডি পি অভাৱনীয়ভাৱে হ্রাস পাইছে৷ দেশখনৰ মুঠ জি ডি পি ১০ লাখ কোটি টকা ক্ষতি হ’ব বুলি ইতিমধ্যে বিভিন্ন সংস্থাই ঘোষণা কৰিছে৷ যদি ক’ভিড–১৯ৰ সংক্রমণ বর্তমানৰ গতি দেশখনত অব্যাহত থাকে, তেন্তে দেশৰ অর্থনীতি ধাৰণা কৰাতকৈ অধিক সংকটৰ সন্মুখীন হ’ব৷ ৱর্ল্ড ইক’নমিক আউটলুকৰ (ডব্লিউ ই অ’) তথ্য অনুসৰি বর্তমান সময়ত ভাৰতৰ অর্থনীতি এক দুর্যোগৰ সন্মুখীন হৈছে৷ যদি দেশখনত ক’ভিড–১৯এ দ্বিতীয়টো জোৱাৰ সৃষ্টি কৰে, তেন্তে অর্থনৈতিক ক্ষেত্রলৈ অধিক বিপর্যয় নামি আহিব৷ আন্তর্জাতিক মুদ্রানিধিয়ে ইতিমধ্যে ভাৰতৰ অর্থনৈতিক ক্ষেত্রত চলা দুর্যোগক লৈ আশংকা প্রকাশ কৰিছে৷

You might also like